অসম

assam

By

Published : Jan 8, 2021, 7:16 PM IST

ETV Bharat / bharat

বাৰ্ড ফ্লু সন্দৰ্ভত দেশৰ চাৰিখন ৰাজ্যৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক

বাৰ্ড ফ্লুৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সচিব আৰু দেশৰ চাৰিখন ৰাজ্যৰ মাজত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই সভাৰ পিচতেই ৰাজ্য কেইখনৰ পশুপালন বিভাগ সমূহক এই ৰোগ বিধ নিয়ন্ত্ৰণৰ সন্দৰ্ভত অধিক সৰ্তক হ'বলৈ পৰামৰ্শ দিয়া হয় ৷

As bird mortality increases
বাৰ্ড ফ্লু সন্দৰ্ভত দেশৰ চাৰিখন ৰাজ্যৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক, 8 জানুৱাৰী : দেশত অব্যাহত থকা বাৰ্ড ফ্লুৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সচিব আৰু দেশৰ চাৰিখন ৰাজ্যৰ মাজত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকখনত কেৰালা, ৰাজস্থান, মধ্য প্ৰদেশ আৰু দিল্লীৰ স্বাস্থ্য বিভাগ, পশুপালন বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা শীৰ্ষ বিযয়া সকল উপস্থিত থাকে ৷

এই সভাৰ পিচতেই ৰাজ্য কেইখনৰ পশুপালন বিভাগ সমূহক এই ৰোগ বিধ নিয়ন্ত্ৰণৰ সন্দৰ্ভত অধিক সৰ্তক হ'বলৈ পৰামৰ্শ দিয়া হয় ৷ লগতে এই ৰোগ বিধ যাতে কোনো কাৰণত মানুহৰ দেহলৈ বিয়পিব নোৱাৰে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য কেইখনৰ পশু পালন বিভাগৰ প্ৰতি নিৰ্দেশ জাৰি কৰা হয় ৷ ইয়াৰ সমান্তৰালভাৱে ঘৰুৱা হাঁহ, কুকুৰা, বইলাৰ যদি অস্বাভাবিক মৃত্যু হোৱা দেখিলে তাৎক্ষণিক ভাৱে পশু পালক সকলক চিকিৎসা বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জোনাৱা হৈছে ৷

বনৰীয়া পক্ষীৰ মাজত দেখা দিয়া এই ৰোগ বিধৰ প্ৰকোপ সৰ্বাধিক কেৰালাত দেখা গৈছে ৷ কেৰালাত এভিয়েন ইনফ্লুনজাৰ বা বাৰ্ড ফ্লুত প্ৰায় ৫০,৯৩৫ টা বনৰীয়া আৰু ঘৰৰ পোহনীয়া পক্ষীৰ মৃত্যু হৈছে ৷ ইয়াৰ ভিতৰত ৪৩,২০৬ টা পক্ষী আলাপু্ৰ্জা জিলাৰ আৰু ৭,৭২৯ টা পক্ষী কোটায়ম জিলাত মৃত্যু হৈছে ৷

লগতে পঢ়ক : বনকৰ্মীক অস্ত্ৰ-বুলেটপ্ৰুফ জেকেট প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ

ABOUT THE AUTHOR

...view details