নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ :মুম্বাইৰ ড্ৰাগছ অন ক্ৰুজ (Drugs on cruise) ঘটনাৰ নতুন মোৰ । ইতিমধ্যে ঘটনাৰ অভিযুক্ত অভিনেতা শ্বাহৰুখ খানৰ (Shah Rukh Khan) পুত্ৰ আৰিয়ান খানে জামিন লাভ কৰিছে যদিও বিভিন্ন মহলত ঘটনাকলৈ প্ৰতিক্ৰিয়া অব্যাহত আছে । আৰিয়ান খানক (Aryan Khan) নাৰ্ক'টিক্স কণ্ট্ৰল ব্যুৰ'য়ে (NCB) কিহৰ আধাৰত আটক কৰিছিল তাকলৈও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । এইবাৰ এগৰাকী ব্যৱসায়ীৰ বিস্ফোৰক মন্তব্য ।
মুম্বাইৰ ব্যৱসায়ী বিজয় পাগাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, ড্ৰাগছৰ ঘটনাত আৰিয়ান খানক কেনেদৰে ফ্ৰেম আপ (Frame up) কৰা হৈছিল, সেয়া গোপনে ৰখা হৈছে । ব্যৱসায়ীগৰাকীৰ মতে ২৩ বছৰীয়া আৰিয়ান খানক একাংশ লোকে উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল । লগতে তেওঁৰ অভিযোগ যে, এনচিবিৰ সেয়া পূৰ্ব পৰিকল্পিত অভিযান আছিল । ড্ৰাগছৰ এই কাহিনীৰ সৈতে জড়িত লোকসকলক আৰিয়ানে চিনি পাইছিল বুলিও তেওঁ দাবী কৰে ।