অসম

assam

ETV Bharat / bharat

Delhi ordinance bill: দিল্লী সেৱা বিধায়কৰ প্ৰতি কংগ্ৰেছৰ সমৰ্থনৰ বাবে মল্লিকাৰ্জুন খাৰ্গেলৈ কেজৰিৱালৰ কৃতজ্ঞতা পত্ৰ - দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈ এখন পত্ৰ লিখি দিল্লী সেৱা বিধেয়ক সন্দৰ্ভত তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাইছে । "জিএনচিটিডি সংশোধনী বিধেয়ক ২০২৩ ৰ বিৰুদ্ধে প্ৰত্যাখ্যান আৰু ভোটদানত আপোনাৰ দলৰ সমৰ্থনৰ বাবে দিল্লীৰ 2 কোটি জনসাধাৰণৰ হৈ আপোনাৰ প্ৰতি কৃতজ্ঞ।’’ কেজৰিৱালে পত্ৰখনত লিখিছে ৷

Delhi ordinance bill
Delhi ordinance bill

By

Published : Aug 9, 2023, 3:47 PM IST

নেশ্যনেল ডেস্ক, 9 আগষ্ট:সংসদত দিল্লী সেৱা বিধেয়ক সন্দৰ্ভত সমৰ্থন কৰাৰ বাবে সকলো বিৰোধী দলক ধন্যবাদ জ্ঞাপন আম আদমী পাৰ্টীৰ (আপ) আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ ইয়াৰ পাচতেই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক ধন্যবাদ জনাই এখন পত্ৰ লিখিছে ৷

অৰবিন্দ কেজৰিৱালে কংগ্ৰেছলৈ লিখা পত্ৰ

দিল্লী সেৱা বিধেয়কৰ বিৰুদ্ধে আপৰ সমৰ্থনত ভোট দিয়াৰ বাবে কংগ্ৰেছ দলৰ সকলো সাংসদকো নেতাগৰাকীয়ে ধন্যবাদ জনাইছে পত্ৰখনত ৷ পত্ৰখনত কেজৰিৱালে লিখিছিল যে সংবিধানৰ প্ৰতি কংগ্ৰেছ দলৰ প্ৰতিশ্ৰুতি কেইবা দশক ধৰি স্মৰণীয় হৈ থাকিব ৷

তেওঁ কয় যে সোমবাৰে ৰাজ্যসভাত দিল্লী সেৱা বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ দলে যিদৰে ভোট দান কৰিছিল তাৰ বাবে দিল্লীৰ দুই কোটি জনসাধাৰণৰ হৈ তেওঁ ধন্যবাদ জনাইছে । তেওঁৰ পত্ৰখনত কেজৰিৱালে কয় যে কংগ্ৰেছে সংসদৰ ভিতৰত আৰু বাহিৰত দিল্লী সেৱা বিধেয়কৰ যিদৰে বিৰোধ কৰিছিল সেয়া অতি প্ৰশংসনীয় ৷ তেওঁ আৰু লিখিছে, ‘‘মই আশা কৰোঁ যে ভৱিষ্যতেও আমি সংবিধানৰ প্ৰতি এনে প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিবলৈ একে ধৰণৰ সমৰ্থন লাভ কৰিম ৷’’

উল্লেখ্য যে দিল্লী সেৱা বিধেয়ক সন্দৰ্ভত যোৱা কেইমাহমান ধৰি দিল্লী চৰকাৰ আৰু কেন্দ্ৰৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ লোকসভাত সেৱা বিধেয়ক গৃহীত হোৱাৰ পিচত, সোমবাৰে ৰাজ্যসভাত ইয়াক উত্থাপন কৰা হয় ৷ ইয়াৰ পিচতেই বিধেয়কখন গৃহীত কৰা হয় ৷

131 জন সাংসদে ইয়াৰ সপক্ষে ভোট দান কৰিছিল আৰু 102 জন সাংসদে ইয়াৰ বিৰুদ্ধে ভোট দিছিল ৷ আম আদমী পাৰ্টীৰ আহ্বায়ক আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই বিধেয়কৰ বিৰুদ্ধে ভোটদানত কৰি সমৰ্থন কৰিবলৈ সকলো বিৰোধী দলৰ সহযোগিতা বিচাৰিছিল । অৱশেষত, কংগ্ৰেছেও এই কেজৰিৱালক সমৰ্থন কৰাৰ সিদ্ধান্ত লয় । এয়া আম আদমী পাৰ্টীয়ে এটা ডাঙৰ সাফল্য বুলি বিবেচনা কৰিছে ৷ অৱশ্যে, কংগ্ৰেছৰ বিৰোধিতা স্বত্বেও, এই বিধেয়কখন সংসদৰ দ্বাৰা গৃহীত কৰা হয় ৷

লগতে পঢ়ক:Rahul Gandhi thanks Speaker Om Birla: মণিপুৰত ভাৰত মাতৃক হত্যা কৰিছে প্ৰধানমন্ত্ৰীয়ে; ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details