অসম

assam

ETV Bharat / bharat

Delhi ordinance row : সমৰ্থন বিচাৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কেজৰিৱালৰ - Kejriwal meets Tamil Nadu CM

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত প্ৰশাসনিক সেৱা নিয়ন্ত্ৰণৰ ওপৰত কেন্দ্ৰৰ অধ্যাদেশক লৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক সাক্ষাৎ কৰে (Kejriwal meets CM Hemant Soren)। ইয়াৰ পূৰ্বে তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনক সাক্ষাৎ কৰে । ষ্টেলিনে কেজৰিৱালক সমৰ্থনৰ আশ্বাস প্ৰদান কৰে ।

Delhi ordinance row
সমৰ্থন বিচাৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কেজৰিৱালৰ

By

Published : Jun 2, 2023, 5:21 PM IST

নেশ্যনেল ডেস্ক,২ জুন :কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিবাদ অব্যাহত আছে (Arvind Kejriwal against centre ordinance)। তেওঁ সমৰ্থন বিচাৰি ইতিমধ্যে বিৰোধী দলৰ নেতাসকলক সাক্ষাৎ কৰিছে । তাৰ অংশস্বৰূপে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে ৰাঁচীত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক সাক্ষাৎ কৰে (Kejriwal meets CM Hemant Soren)। কেজৰিৱালে কেন্দ্ৰৰ অধ্যাদেশ সন্দৰ্ভত হেমন্ত চোৰেনৰ পৰা সমৰ্থন বিচাৰে ।

এই বৈঠকখনত ৰাজ্যসভাৰ সাংসদ মহুয়া মাজি, সঞ্জয় সিং আৰু ৰাঘৱ চাড্ডা, দিল্লীৰ শিক্ষা মন্ত্ৰী আতিশী মাৰ্লেনা আৰু দিল্লী বিধান সভাৰ সদস্য বিনয় মিশ্ৰও উপস্থিত থাকে । দিল্লী চৰকাৰে ৰাজ্যসভাত অধ্যাদেশৰ বিৰুদ্ধে সদস্যসকলৰ স্থিতি বিচাৰিছে । বৃহস্পতিবাৰে, কেজৰিৱালে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনক সাক্ষাৎ কৰে আৰু ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰশাসনিক সেৱাৰ ওপৰত নিয়ন্ত্ৰণৰ ওপৰত কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে তেওঁৰ যুঁজত তেওঁৰ সমৰ্থন লাভ কৰে (Kejriwal meets Tamil Nadu CM)।

এক যুটীয়া সংবাদমেলত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে ডিএমকেয়ে দিল্লী সেৱা অধ্যাদেশ বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিব আৰু অধ্যাদেশৰ বিৰুদ্ধে যুঁজত অৰবিন্দ কেজৰিৱালক সমৰ্থন কৰিবলৈ বিৰোধী দলৰ আন নেতাসকলক আহ্বান জনায় ।

তেওঁ লগতে কয় তেওঁ আন নেতাসকলৰ মতামতৰ ওপৰত আলোচনা কৰিছে আৰু সকলো নেতাক অৰবিন্দ কেজৰিৱালক সমৰ্থন কৰিবলৈ তেওঁ অনুৰোধ জনায় । ইফালে অৰবিন্দ কেজৰিৱালে এম কে ষ্টেলিনক তেওঁৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । বৈঠকৰ পাছতে কেজৰিৱালে টুইটযোগে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক ধন্যবাদ জনায় ।

আনহাতে কেজৰিৱালে আন আন দলৰ লগতে কংগ্ৰেছ দলৰ পৰাও সমৰ্থন বিচাৰিছে । এই সন্দৰ্ভত আলোচনাৰ বাবে কেজৰিৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পৰা সময় বিচাৰিছে । কেজৰিৱালে উল্লেখ কৰা মতে কংগ্ৰেছে তেওঁক সমৰ্থন কৰিব আৰু তেওঁ আহ্বানৰ প্ৰতি সঁহাৰি দিব ।

বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি (ইউ)ৰ নেতা নীতিশ কুমাৰৰ লগতে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও এই বিষয়ত কেজৰিৱালক সমৰ্থন জনাইছে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বিৰোধী নেতা শৰদ পাৱাৰেও কেজৰিৱালৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ।

লগতে পঢ়ক :Centre Delhi ordinance Row : কেজৰিৱালক সমৰ্থন জনাব ষ্টেলিনে

ABOUT THE AUTHOR

...view details