অসম

assam

ETV Bharat / bharat

Centre ordinance row: কেজৰিৱালক সমৰ্থনৰ আশ্বাস শৰদ পাৱাৰৰ - Kejriwal meets oppositions leader

কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিশেষ অভিযান । বিৰোধী দলৰ সমৰ্থন বিচাৰি দেশজুৰি বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰিছে কেজৰিৱালে (Kejriwal meets oppositions leader)। এনচিপিৰ নেতা শৰদ পাৱাৰেও তেওঁক সমৰ্থনৰ আশ্বাস দিছে ।

Centre ordinance row
কেজৰিৱালক সমৰ্থনৰ আশ্বাস শৰদ পাৱাৰৰ

By

Published : May 25, 2023, 9:26 PM IST

নেশ্যনেল ডেস্ক,২৫ মে':পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পাছত এনচিপিৰ শীৰ্ষ নেতা শৰদ পাৱাৰেও অৰবিন্দ কেজৰিৱাল লৈ সমৰ্থন জনাইছে । কেন্দ্ৰীয় অধ্যাদেশৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱালৰ যুঁজক সমৰ্থন দিয়াৰ আশ্বাস প্ৰদান কৰিছে শৰদ পাৱাৰে (NCP to support Kejriwal on ordinance row)। কেজৰিৱালৰ সৈতে হোৱা বৈঠকৰ পাছতে পাৱাৰে এই কথা ঘোষণা কৰে ।

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে আপৰ যুঁজৰ প্ৰতি সমৰ্থন বিচাৰি বৃহস্পতিবাৰে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) সভাপতি শৰদ পাৱাৰক সাক্ষাৎ কৰে (Kejriwal meets Sharad Pawar)। বৈঠকৰ পাছত কেজৰিৱালে কয় যে, ৰাষ্ট্ৰীয় ৰাজধানীত সেৱা নিয়ন্ত্ৰণৰ অধ্যাদেশৰ পৰিবৰ্তনৰ বিধেয়কখনক প্ৰতিৰোধ কৰিবলৈ এনচিপিয়ে তেওঁৰ দলক সমৰ্থন জনাব ।

শৰদ পাৱাৰে কয় যে, এই অধ্যাদেশে সংসদীয় গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে (Sharad Pawar on Centres ordinance)। সকলো অ-বিজেপি দলে অৰবিন্দ কেজৰিৱালক সমৰ্থন কৰাটো নিশ্চিত কৰাটো কৰ্তব্য বুলিও তেওঁ উল্লেখ কৰে । তেওঁ দাবী কৰা মতে এতিয়া সংসদীয় গণতন্ত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ দিয়াৰ সময় ।

কেজৰিৱালে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে আপৰ যুঁজক সমৰ্থন কৰাৰ বাবে পাৱাৰক ধন্যবাদ জ্ঞাপন কৰে । দুদিনীয়া কাৰ্যসূচীৰে মুম্বাই ভ্ৰমণ কৰা কেজৰিৱালে দক্ষিণ মুম্বাইৰ ৱাই বি চৱন কেন্দ্ৰত পাৱাৰৰ সৈতে বৈঠকত মিলিত হয় (Delhi CM in Mumbai)। য'ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো উপস্থিত থাকে ।

আপৰ শীৰ্ষ নেতাগৰাকী বুধবাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ (ইউবিটি) মুৰব্বী উদ্ধৱ ঠাকৰেকো অধ্যাদেশৰ বিষয়টোত সমৰ্থন বিচাৰি বান্দ্ৰাৰ বাসভৱনত সাক্ষাৎ কৰিছিল । ইয়াৰ পূৰ্বে মঙলবাৰে কেজৰিৱাল আৰু ভগৱন্ত মানে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে সমৰ্থন বিচাৰি তেওঁলোকৰ দেশজুৰি ভ্ৰমণৰ অংশ হিচাপে কলকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰে (Delhi CM meets Mamata Banerjee)।

উল্লেখ্য যে, কেন্দ্ৰই যোৱা শুকুৰবাৰে দিল্লীত গ্ৰুপ-এ বিষয়াসকলৰ স্থানান্তৰ আৰু নিযুক্তিৰ বাবে কৰ্তৃত্ব সৃষ্টিৰ বাবে এক অধ্যাদেশ জাৰি কৰিছিল । যাক লৈ আপ দল অসন্তুষ্ট হৈছে । পূৰ্বে উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত দিল্লী চৰকাৰৰ পক্ষত ৰায় প্ৰদান কৰিছিল ।

লগতে পঢ়ক :Delhi vs Centre ordinance row : শৰদ পাৱাৰক সাক্ষাৎ কেজৰিৱালৰ

ABOUT THE AUTHOR

...view details