নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ :চীনত অনুষ্ঠিতব্য ১৯ সংখ্যক এছিয়ান গেমছক লৈ ভাৰত আৰু চীনৰ মাজত কূটনৈতিক মতবিৰোধে গা কৰি উঠিছে । অৰুণাচলৰ কেইগৰাকীমান ভাৰতীয় এথলিটক চীনত প্ৰৱেশৰ ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে এই বিষয়টোক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে বিভিন্ন ক্ষেত্ৰত হৈছে ইয়াৰ প্ৰতিবাদ ।
এই ক্ষেত্ৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চীন চৰকাৰ তথা এছিয়ান গেমছ কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰিছে । আনহাতে, বিষয়টো আন্তৰাষ্ট্ৰীয় মঞ্চতো উত্থাপন কৰাৰ কথা কৈছে । ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু ই সদায় তেনেকৈয়ে থাকিব ।
বাগচীয়ে কয় যে ভাৰতে চীনৰ দ্বাৰা যিকোনো ধৰণৰ বৈষম্যৰ বিৰোধিতা কৰে, সেয়া জাতিগত বা ভৌগোলিক যি ভিত্তিতে নহওক কিয় । ভাৰতে চীনৰ সন্মুখত ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । ভাৰতে কয় যে চীনে এনে ধৰণৰ কাম কৰি এছিয়ান গেমছৰ আত্মাক গভীৰভাৱে আক্ৰমণ কৰিছে । কিয়নো ইয়াত স্পষ্টভাৱে লিখা হৈছে যে খেলৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য কৰা নহ'ব ।