নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ :অৰুণাচল প্ৰদেশ বিধানসভাই বুধবাৰে চন্দ্ৰযান 3 অভিযানৰ ঐতিহাসিক সফলতা উদযাপন কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী হোনচুন গাণ্ডামে এই প্ৰস্তাৱ গ্ৰহণৰ সময়ত কয় যে, চন্দ্ৰ অভিযানৰ এই ঐতিহাসিক সফলতা উদযাপনত বিধানসভাইও দেশৰ সৈতে যোগদান কৰিছে আৰু এই বিস্মৰণীয় সাফল্যৰ আঁৰত থকা বিজ্ঞানীসকলক আন্তৰিক অভিনন্দন জনাইছে ৷ এই গুৰুত্বপূৰ্ণ দিনটোক স্মৰণ কৰিবলৈ 23 আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে কেন্দ্ৰই ঘোষণা কৰা সিদ্ধান্তক মন্ত্ৰীগৰাকীয়ে আদৰণি জনায় ৷
মন্ত্ৰীগৰাকীয়ে লগতে কয়, "বিধানসভাই ইছৰ’ৰ অক্লান্ত প্ৰচেষ্টাক প্ৰশংসা কৰিছে ৷ সঠিক নিৰিখেৰে চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3 অৱতৰণ কৰাটো এক উল্লেখযোগ্য কৃতিত্ব, ইয়ে আমাৰ বিজ্ঞানীসকলৰ অদম্য মনোভাৱ প্ৰতিফলিত কৰে ৷ চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰজ্ঞানৰ ৰোভাৰে সংগ্ৰহ কৰা ফটোৱে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে চন্দ্ৰপৃষ্ঠৰ গভীৰ ৰহস্যসমূহ উদঘাটন কৰাত সহায় কৰিব ৷"
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰযুক্তিৰ উন্নতি আৰু উদ্ভাৱনৰ যুগত বিজ্ঞানীসকল জ্ঞান, নিষ্ঠা আৰু দক্ষতাৰ প্ৰতিচ্ছবি ৷ তেওঁ লগতে কয় যে, "অনুসন্ধান আৰু অন্বেষণৰ প্ৰতি বিজ্ঞানীসকলৰ প্ৰতিশ্ৰুতিয়ে আমাৰ দেশক বিশ্বব্যাপী সাফল্যৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে আগুৱাই নিছে, লগতে অগণন লোককো অনুপ্ৰাণিত কৰিছে ৷ ৰাজ্যিক বিধানসভাই আমাৰ সমৃদ্ধ ঐতিহ্য আৰু বৈজ্ঞানিক আকাংক্ষাৰ প্ৰতীকস্বৰূপ ত্ৰিৰংগা পইণ্ট আৰু শিৱশক্তিৰ নামকৰণক আদৰণি জনাইছে ৷"
গাণ্ডামে লগতে কয় যে, চন্দ্ৰযান 3 ৰ সফলতাই প্ৰধানমন্ত্ৰীৰ জয় বিজ্ঞান, জয় অনুসন্ধানৰ সৈতে সংগতি ৰাখি ষ্টাৰ্ট-আপ, এমএছএমই আৰু চাকৰি সৃষ্টিৰ সুযোগ সম্প্ৰসাৰিত কৰিব আৰু লগতে উদ্ভাৱনৰ প্ৰচাৰ কৰিব ৷ ইয়াৰ পিচতে অৰুণাচল বিধানসভাৰ অধ্যক্ষ পাচাং দৰ্জী সোনাই চাইন ডাই সদন স্থগিত কৰাৰ পূৰ্বে ধ্বনি ভোটৰ দ্বাৰা প্ৰস্তাৱটো গ্ৰহণ কৰে ৷
লগতে পঢ়ক:Chandrayaan 3 success:"গজৱা-ই-হিন্দলৈ পৰিৱৰ্তন হোৱাৰ পূৰ্বে চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক"- স্বামী চক্ৰপাণি