নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ কামেঙত হিমস্খলনত মৃত্যু হোৱা সাতজন ভাৰতীয় সেনাৰ নিকটাত্মীয়লৈ আৰ্থিক সাহাৰ্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে(Arunachal CM Pema Khandu) ৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ (চি এম আৰ এফ) পৰা প্ৰতিজনৰ বাবে ৪ লাখ টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, ৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত কৰ্মৰত অৱস্থাত সাতজন ভাৰতীয় সেনা হিমস্খলনৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল ৷ ভূপৃষ্ঠৰ পৰা ১৪,৫০০ ফুট উচ্চতাত প্ৰচণ্ড তুষাৰপাতত আৱদ্ধ হৈ পৰা ভাৰতীয় সেনাৰ দলটোৰ সন্ধানত সোমবাৰৰ পৰা অব্যাহত ৰখা হৈছিল উদ্ধাৰ অভিযান (High Altitude area of Kameng Sector in Arunachal Pradesh) ৷