নিউজ ডেস্ক, ১০ নৱেম্বৰ :আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তী নিৰ্বাচনত ভাৰতীয় মূলৰ দ্বাৰা আন এক নতুন ইতিহাস সৃষ্টি হৈছে (first Indian origin Lt Governor of Maryland US) । কাট্ৰাগাড্ডা অৰুণা মিলাৰ মেৰিলেণ্ডৰ লেফটেনেণ্ট গৱৰ্ণৰৰ পদত জয়লাভ কৰা ভাৰতীয় মূলৰ প্ৰথমগৰাকী ব্যক্তি হিচাবে পৰিগণিত হৈছে (Katragadda Aruna Miller) ।
''মই এগৰাকী অভিযন্তা । ৰাজনীতিবিদ নহয় ।'' ২০১০ চনৰ নিৰ্বাচনত ডেমোক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী হোৱাৰ সুযোগ পোৱাৰ সময়ত এয়া আছিল অৰুণাৰ মন্তব্য । উল্লেখ্য, তেওঁ মূলত অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ ভেনট্ৰাপাগাদাৰ পৰা অহা । তেওঁৰ মাতৃৰ নাম হেমলতা । পিতৃ কাট্ৰাগাড্ডা ভেংকটা ৰামাৰাও এজন অভিযন্তা । তেওঁৰ চাকৰি সূত্ৰে পৰিয়ালটোৱে ১৯৭২ চনত আমেৰিকালৈ গৈ নাগৰিকত্ব গ্ৰহণ কৰে । সেই সময়ত অৰুণাৰ বয়স আছিল ৭ বছৰ (new history created by Indian origin in US) ।
অৰুণাই মিছৌৰী বিশ্ববিদ্যালয়ৰ (University of Missouri) পৰা চিভিল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী অৰ্জন কৰে । তাৰ পিছত ভাৰ্জিনিয়া, হাৱাই আৰু কেলিফোৰ্ণিয়াত পৰিবহণ অভিযন্তা হিচাপে কাম কৰে । ১৯৯০ চনত তেওঁ মেৰিলেণ্ড মণ্টগোমাৰী পৰিষদৰ পৰিবহণ বিভাগলৈ যায় (Maryland Montgomery Council Department of Transportation) ।
অৰুণাই তেওঁৰ বন্ধু ডেভ মিলাৰৰ সৈতে বিয়াত বহে । তেওঁৰ সমাজসেৱাৰ প্ৰতি আগ্ৰহ আছিল । বিদ্যালয়, নিযুক্তি আৰু সামূহিক কেন্দ্ৰবোৰ সকলোৰে বাবে উপলব্ধ কৰোৱাৰ ইচ্ছা । প্ৰতিবন্ধী, পথচাৰী আৰু চাইকেল আৰোহীসকলৰ বাবে উপলব্ধ হোৱাকৈ প্ৰস্তুত কৰা কাৰ্যসূচীৰ বাবে ৰাইজে তেওঁক অতি ভালদৰে গ্ৰহণ কৰে । বহু বছৰ সেৱা আগবঢ়োৱাৰ পিছত তেওঁ 2015 চনত অৱসৰ গ্ৰহণ কৰে ।