নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ :ভগৱান ৰামৰ জন্মস্থান অযোধ্যাত দীপোৎসৱক লৈ উদুলি মুদুলি পৰিৱেশ । ইতিমধ্যে দীপোৎসৱ ২০২৩ আয়োজনৰ বাবে সাজু হৈছে অযোধ্যাবাসী । ৰাম জন্মভূমিলৈ আগমন হৈছে হাজাৰ হাজাৰ ভক্তৰ । শনিবাৰে অযোধ্যাৰ মূল পথত দেখা গৈছে বিশাল শোভাযাত্ৰাৰ । দেশৰ বিভিন্ন প্ৰান্তৰ লোকশিল্পীসকলে অযোধ্যাত ভগৱান ৰামৰ আগমনৰ এই উৎসৱত অংশ লৈছে ।
বিভিন্ন ধৰণৰ পোছাক, বিভিন্ন ৰং আৰু বাদ্যযন্ত্ৰৰ সৈতে হাজাৰ হাজাৰ শিল্পীয়ে ভগৱান শ্ৰীৰামৰ জন্মভূমিত ভিৰ কৰিছে । এই বিশাল শোভাযাত্ৰা সাকেত মহাবিদ্যালয়ৰ পৰা ৰাম কথা উদ্যানলৈ উলিওৱা হয় । এই সময়ঠোৱাত সমগ্ৰ পথটোত সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় । দীপোৎসৱ ২০২৩ কাৰ্যসূচীৰ প্ৰথম অনুষ্ঠানটোৱে হৈছে শোভাযাত্ৰা । ইয়াৰ পাছতে অযোধ্যাৰ ৰাম কথা উদ্যানত ভগৱান ৰামৰ ৰাজতিলক কাৰ্যসূচী আয়োজন কৰা হ'ব ।