নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: নৃত্য পৰিবেশনৰ সময়ত মঞ্চতে মৃত্যু হ’ল এগৰাকী শিল্পীৰ (Artist died in live performance)। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত দেখা গৈছে এই মৰ্মান্তিক দৃশ্য ৷ নীলা-গুলপীয়া ৰঙৰ সাজ-পোছাক পৰিহিত এগৰাকী শিল্পীয়ে মঞ্চত নৃত্য-অভিনয়ৰ মাজতে ঢলি পৰে । এবাৰ তেনে অৱস্থাৰ পৰা উঠিবলৈ চেষ্টা কৰে যদিও বিফল হয় শিল্পীগৰাকী (Dance artist died on stage)৷
ইফালে, আশে-পাশে থকা বেছিভাগ মানুহে প্ৰথমে একো বুজিব পৰা নাছিল ৷ শিল্পীগৰাকীৰ হাৰ্ট এটেক হোৱা বুলি উপলব্ধি কৰিবলৈ তেওঁলোকক বহু দেৰি লাগিছিল । তেওঁলোকে সকলোৱে প্ৰথমতে ভাবিছিল যে, পৰিবেশকজনে এতিয়াও নাচি আছে ৷ সেয়া কেৱল অভিনয়ৰ অংশহে । কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ সহঃশিল্পী তথা দৰ্শকে বুজিব পাৰে যে হৃৎক্ৰিয়া বন্ধ হৈ মঞ্চতে মৃত্যুক সাৱটি ল’লে শিল্পীগৰাকীয়ে (Artist died on stage during performance)৷