নেশ্যনেল ডেস্ক, ২৫ মাৰ্চ :অনুচ্ছেদ ৩৭০ জম্মু-কাশ্মীৰৰ উন্নয়নত মূল বাধা আছিল । অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত এতিয়া জম্মু-কাশ্মীৰ অঞ্চলৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ কেন্দ্ৰীয় চৰকাৰ । এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ । শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জম্মু-কাশ্মীৰৰ উন্নয়নত বাধা হৈ থকা অনুচ্ছেদ ৩৭০ আৰু ৩৫ এ জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰত্যাহাৰ কৰা হৈছিল (MoS Athawale on article 370)।
আনহাতে শেহতীয়াকৈ উত্থাপন কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আত্মনিৰ্ভৰ ভাৰতৰ বাজেট (Union Budget 2023)। মন্ত্ৰীগৰাকীয়ে কয় যে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত সমাজ কল্যাণ বিভাগৰ বাবে ১০.১৮ শতাংশ বৃদ্ধি হৈছে (Minister Ramdas Athawale)।
অহা তিনি বছৰত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৪০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ বাবে ৩৮,৮৮০ গৰাকী শিক্ষক আৰু সহায়ক কৰ্মচাৰী নিয়োগ কৰা হ'ব বুলিও তেওঁ কয় । তেওঁ উল্লেখ কৰা মতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত ৰে'লৱেক ২.৪ লাখ কোটি টকা আৱণ্টন কৰা হৈছে ।