অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত অনুচ্ছেদ ৩৫৬ কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছেনে ? - legislative assembly election 2021

পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰ (Jagdeep Dhankar) আৰু বিৰোধী দলৰ নেতাই অনুচ্ছেদ ৩৫৬ ধাৰা জাৰি কৰাৰ ইংগিত দিছে । ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপি (BJP)য়ে যিধৰণে তৃণমূল কংগ্ৰেছৰ শাসনৰ সমাপ্তিৰ বাবে উঠিপৰি লাগিছিল ৷ এনে পৰিস্থিতিত অনুচ্ছেদ ৩৫৬, এই পুনৰাবৃত্তিমূলক উল্লেখ কেৱল চাপৰ কৌশলৰ খেল হিচাপে গণ্য কৰিব নোৱাৰি ।

পশ্চিমবংগত অনুচ্ছেদ ৩৫৬ কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছেনে ?
পশ্চিমবংগত অনুচ্ছেদ ৩৫৬ কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছেনে ?

By

Published : Jun 17, 2021, 10:49 PM IST

নিউজ ডেস্ক, 17 জুন : ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৫৬ (Article 356 of the Indian Constitution)এই মুহূৰ্তত পশ্চিমবংগ (West Bengal)ৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ আটাইতকৈ বিতৰ্কিত বিষয় । ৰাজ্যখনত নিৰ্বাচনোত্তৰ হিংসাৰ বিষয়টোক আধাৰ হিচাপে লৈ ৰাজ্যপাল জগদীপ ধনকাৰ (Jagdeep Dhankar) আৰু পশ্চিমবংগৰ বিৰোধী দলৰ নেতাই অনুচ্ছেদ ৩৫৬ ধাৰা জাৰি কৰাৰ ইংগিত দিছে । যদিও তেওঁলোকৰ কোনেও পোনপটীয়াকৈ ইয়াক জাপি দিয়াৰ কথা কোৱা নাই, কিন্তু দেখা গৈছে যে এই অনুচ্ছেদক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ৰাজ্য চৰকাৰক চাপত পেলোৱাৰ গোপন প্ৰয়াস কৰা হৈছে ।

পশ্চিমবংগ (West Bengal)ৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee)য়ে বিৰোধী দলত থাকোতে প্ৰায়ে অনুচ্ছেদ ৩৫৬ (Article 356) ৰ বিষয়ে কৈছিল ৷ কিন্তু ই মূলত চৰকাৰক চাপত ৰখাৰ এক কৌশলহে আছিল । কিন্তু এইবাৰ চৰকাৰক চাপত ৰখাৰ কৌশলৰ এই খেলখনে এক বেলেগ ৰূপ লৈছে বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে অনুভৱ কৰে । তেওঁলোকে অনুভৱ কৰে যে, শেহতীয়াকৈ সমাপ্ত হোৱা নিৰ্বাচনত বিজেপি (BJP)য়ে যিধৰণে ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ শাসনৰ সমাপ্তিৰ বাবে উঠিপৰি লাগিছিল ৷ এনে পৰিস্থিতিত অনুচ্ছেদ ৩৫৬ এই পুনৰাবৃত্তিমূলক উল্লেখক কেৱল চাপৰ কৌশলৰ খেল হিচাপে গণ্য কৰিব নোৱাৰি ।

তৃণমূল কংগ্ৰেছৰ নেতৃত্বই দাবী কৰে যে, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন (Legislative Assembly Election )ত শোচনীয় পৰাজয়ৰ পিছত বিজেপি আৰু ৰাজ্যপালৰ হতাশা ইয়াৰ ৰূপত পৰিস্ফূত হৈছে আৰু সেয়েহে তেওঁলোকে বিষয়টোক লৈ নিৰন্তৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে ৷ তেওঁলোকৰ মতে, এয়া এক নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ এক কৌশলৰ বাহিৰে আন একো নহয় । এই বিষয়টোক লৈ ৰাজ্যখনৰ জ্যেষ্ঠ অধিবক্তা আৰু কংগ্ৰেছ নেতা অৰুণাভ ঘোষে ৰাজ্যপাল আৰু বিৰোধী দলৰ নেতাক সমালোচনা কৰিছে । তেওঁৰ মতে, সমগ্ৰ প্ৰক্ৰিয়াটো ভাৰতৰ সংবিধানৰ সম্পূৰ্ণৰূপে নীতি বিৰোধী ৷ তেওঁ ৰাজ্যপাল আৰু বিৰোধী দলৰ নেতাই ৰাজ্যখনৰ গণতন্ত্ৰ ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে বুলি মন্তব্য কৰে । অৱশ্যে তৃণমূল কংগ্ৰেছৰ সমৰ্থকসকলে বহু সময় হিংসাৰ আশ্ৰয় লৈছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে স্বীকাৰ কৰে যদিও এইটো অনুচ্ছেদ ৩৫৬ জাপি দিয়াৰ কাৰণ হ'ব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে, সংবিধানত এই ক্ষেত্ৰত কিছু ব্যৱস্থা আছে । কিন্তু সেই ব্যৱস্থাবোৰ এতিয়া পশ্চিমবংগৰ বাবে প্ৰযোজ্য নহয় । গতিকে ইয়াৰ বিৰুদ্ধে সহজে আদালতত প্ৰত্যাহ্বান জনাব পাৰি আৰু ইয়াৰ ফলত শাসকীয় দল আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ৷

লগতে পঢ়ক :ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

আনহাতে সুভেন্দু অধিকাৰীয়ে কয় যে, প্ৰতিজন ৰাজনৈতিক নেতাৰ দাবী উত্থাপন কৰাৰ অধিকাৰ আছে । সংবিধানে তেওঁক এনে কৰাত বাধা নিদিয়ে । কিন্তু যিসকলে ভাৰতৰ সংবিধান অধ্যয়ন কৰিছে তেওঁলোকে জনা উচিত যে নিৰ্বাচনৰ কেইমাহমানৰ ভিতৰতে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন ৰাজ্য চৰকাৰক এনেদৰে উৎখাত কৰিব নোৱাৰি । আগশাৰীৰ অধিবক্তা, চিপিআই (এম) নেতা আৰু কলকাতাৰ প্ৰাক্তন মেয়ৰ বিকাশ ৰঞ্জন ভট্টাচাৰ্যয়ো সুভেন্দু অধিকাৰীৰ মতামতৰ লগত কিছু পৰিমাণে সহমত ৰাখে । তেওঁৰ মতে, যদিও এইটো অস্বীকাৰ কৰিব নোৱাৰি যে পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি বৰ্তমান এক ভয়ংকৰ অৱস্থাত আছে ৷ কিন্তু ই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ একমাত্ৰ কাৰণ হ'ব নোৱাৰে ।

পশ্চিমবংগৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যখনত অনুচ্ছেদ ৩৫৬ জাপি দিয়াৰ কোনো প্ৰয়োজন নাই বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah)ও ভালদৰে জানে ৷ কিয়নো ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ ৩৫৬ (Article 356) জাপি দিয়াৰ সিদ্ধান্তক ন্যায়ালয়ে নাকচ কৰাৰ উদাহৰণো আছে । এজন ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো পদক্ষেপ সতৰ্কতাৰে লোৱা প্ৰয়োজন ৷ কাৰণ পশ্চিমবংগত বৰ্তমানৰ চৰকাৰে এক বৃহৎ জনাদেশ লাভ কৰিছে আৰু বৰ্তমান ৰাজনৈতিক বা অৰ্থনৈতিক উত্তেজনাই বৰ বেছি প্ৰভাৱিত কৰিব পৰা নাই । গতিকে কেৱল ৰাজনৈতিক হিংসাৰ বাবেই ৰাষ্ট্ৰপতি শাসন কাৰ্যকৰী কৰাৰ কাৰক হ’ব নোৱাৰে ৷ তেওঁ লগতে কয় য়ে, ৰাজ্যপাল আৰু বিৰোধী দলৰ নেতাই কেৱল ৰাজ্যখনৰ বিজেপি কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে অনুচ্ছেদ ৩৫৬ ৰ কথা উল্লেখ কৰিছে ।

লগতে পঢ়ক :RedFoxtrotৰ চাইবাৰ অনুপ্ৰৱেশৰ জৰিয়তে চীনা সেনাৰ টাৰ্গেটত ভাৰত

ABOUT THE AUTHOR

...view details