নেশ্যনেল ডেস্ক,১৯ জানুৱাৰী :সন্ত্ৰাসবাদীৰ সন্দেহত দিল্লী আৰক্ষীৰ জালত পৰা এজনক জেৰাৰ অন্তত কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । সন্দেহজনক সন্ত্ৰাসবাদীজনে নেপাল হৈ পাকিস্তানলৈ যোৱাৰ পৰিকল্পনা কৰিছিল । কেইবাবাৰো প্ৰচেষ্টাৰ অন্তত নেপালৰ পাছপোৰ্ট পোৱাত ব্যৰ্থ হৈছিল লোকজন (Suspect terrorist failed to get Nepali Passport)।
উল্লেখ্য যে শেহতীয়াকৈ সন্ত্ৰাসবাদীৰ সন্দেহত জগজিৎ সিং আৰু নৌচাদ আলী নামৰ দুজন লোকক জাহাংগীৰপুৰীৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Suspect terrorist Naushad Ali arrested)। নৌচাদ আলীক জেৰাৰ অন্তত কেইবাটাও ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । দিল্লী আৰক্ষীক জনোৱা মতে নেপাল হৈ পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত নৌচাদ বিফল হৈছিল । নৌচাদে প্ৰকাশ কৰিছে যে তেওঁ নেপালী পাছপোৰ্ট লাভৰ ক্ষেত্ৰত দুবাৰকৈ বিফল হৈছিল ।
নৌচাদে প্ৰকাশ কৰা মতে তেওঁ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য আছফাক আৰু ছুহেইলৰ সৈতে যোগাযোগ ৰাখিছিল (Naushad Ali relation with Pak handler)। ইয়াৰে ছুহেইলে পাঞ্জাৱৰ কেইগৰাকীমান নেতাক হত্যাৰ পৰিকল্পনা কৰিছিল । বিভিন্ন কাৰাগাৰত থকা সময়তে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে সাক্ষাৎ কৰাৰ পাছত নৌচাদে সন্ত্ৰাসবাদী সংগঠনসমূহৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।
দিল্লী আৰক্ষীয়ে জনোৱা মতে ২০১৯ চনত নৌচাদে পাকিস্তানৰ সহযোগীৰ নিৰ্দেশত দুবাৰকৈ নেপাল ভ্ৰমণ কৰিছিল । পাকিস্তানলৈ যাবলৈ নেপালী পাছপোৰ্টৰ বাবে তেওঁ আবেদনো জনাইছিল (Arrested terrorist Naushad tried to reach Pak)। কিন্তু নৌচাদে পাছপোৰ্ট নাপালে । কাৰণ যিজন ব্যক্তিয়ে তেওঁক পাছপোৰ্ট লাভৰ ক্ষেত্ৰত সহায় কৰিব বুলি ধৰা হৈছিল সেই বিষয়াগৰাকীক ইতিমধ্যে উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।