অসম

assam

ETV Bharat / bharat

জম্মু চিকিৎসালয়ত মৃত্যু গুলীবিদ্ধ পাক অনুপ্ৰৱেশকাৰী - পাক অনুপ্ৰৱেশকাৰী

চাম্বা চেক্টৰত বিএছএফৰ জোৱানৰ দ্বাৰা গুলীবিদ্ধ হোৱা এগৰাকী পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে জম্মুৰ এখন চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। তেওঁ এই মাহত চাম্বা খণ্ডত আইবিৰ আৰু বিএছএফৰ দ্বাৰা নিহত দ্বিতীয় পাকিস্তানী অনুপ্ৰৱেশকাৰী ।

Arrested Pak intruder succumb
জম্মু চিকিৎসালয়ত মৃত্যু গুলীবিদ্ধ পাক অনুপ্ৰৱেশকাৰী

By

Published : May 29, 2021, 3:02 PM IST

নেশ্যনেল ডেস্ক, ২৯ মে':বিএছএফৰ গুলীত নিহত এগৰাকী পাকিস্তানী অনুপ্ৰৱেশকাৰী । শেহতীয়াকৈ চাম্বা চেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফৰ গুলীত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল অনুপ্ৰৱেশকাৰীজন । কিন্তু বিএছএফ কতৃপক্ষই জনোৱা মতে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ।

লাহোৰৰ ডাঙ্গাৰ বাসিন্দা চৈয়দ ৰাজা আজিম নামৰ যুৱকজনে ১৮ মে'ত ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত বিএছএফয়ে বাৰে বাৰে দিয়া সতৰ্কবাণী উপেক্ষা কৰাৰ সময়ত একাধিক গুলীত আঘাত প্ৰাপ্ত হৈছিল ।

এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে পাকিস্তানী নাগৰিকজনৰ মৃত্যু হয় । মৰণোত্তৰ পৰীক্ষাৰ পিছত শেষকৃত্যৰ বাবে মৃতদেহটো তেওঁৰ আত্মীয়সকলক হস্তান্তৰ কৰাৰ বাবে পাকিস্তানী ৰেঞ্জাৰৰ সৈতে যোগাযোগ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে যোৱা ৫ মে'ত বিএছএফ গুলীত নিহত হৈছিল এজন অনুপ্ৰৱেশকাৰী ।

লগতে পঢ়ক:পতঞ্জলি ব্ৰেণ্ডৰ নামেৰে তেল পেকিং কৰা কাৰখানা জব্দ: ভেজালীকৰণৰ অভিযোগ

ABOUT THE AUTHOR

...view details