অসম

assam

ETV Bharat / bharat

Ration distribution scam : পশ্চিমবংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক ৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ৰেচন বিতৰণ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত যোৱা ২৭ অক্টোৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল পশ্চিমবংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক । দেওবাৰে কলকাতা আদালতে তেওঁ ৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । শাৰীৰিক অৱস্থা অতি বেয়া বুলি দাবী কৰিছে মন্ত্ৰীগৰাকীয়ে ।

Ration distribution scam
পশ্চিমবংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক ৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:18 AM IST

নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ :কলকাতাৰ এখন আদালতে দেওবাৰে পশ্চিমবংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক ৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ৰেচন বিতৰণ কেলেংকাৰীৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল বনমন্ত্ৰী মল্লিকক । মন্ত্ৰীগৰাকীৰ অধিবক্তাৰ মতে তেওঁক আদালতে ১৬ নৱেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

বৰ্তমানৰ বন মন্ত্ৰী আৰু ২০১১ চনৰ পৰা ২০২১ চনলৈ খাদ্য আৰু যোগান বিভাগৰ দায়িত্বত থকা মল্লিকক ২৭ অক্টোবৰৰ পুৱতি নিশা কেন্দ্ৰীয় সংস্থাটোৱে চহৰৰ উপকণ্ঠৰ চল্ট লেকত থকা তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । ইফালে ৬ নৱেম্বৰৰ শুনানিৰ সময়ত মন্ত্ৰীগৰাকীক আদালতে ১২ নৱেম্বৰলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ।

শুনানিৰ সময়ত মল্লিকৰ অধিবক্তাসকলে মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে আৰু আদালতৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয় । অৱশ্যে মন্ত্ৰীগৰাকীৰ অধিবক্তাই তেওঁৰ জামিনৰ বাবে আবেদন কৰা নাছিল । ইয়াৰ বিপৰীতে ইডিৰ অধিবক্তাই আদালতক এটা বন্ধ খাম প্ৰদান কৰিছিল, য'ত মল্লিকৰ চিকিৎসা প্ৰতিবেদন আছিল । ইডিৰ অধিবক্তাই যুক্তি দিছিল যে মন্ত্ৰীগৰাকীৰ অৱস্থা সুস্থিৰ আছে ।

ইয়াৰ মাজতে সেনাৰ কমাণ্ড হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত মল্লিকে সাংবাদিকক কৈছে যে তেওঁৰ শৰীৰৰ বাওঁফালটো অকাৰ্যক্ষম হৈ পৰিছে আৰু তেওঁক ইডিৰ জিম্মাৰ পৰা প্ৰেচিডেন্সি কাৰাগাৰৰ ন্যায়িক ৰিমাণ্ডলৈ স্থানান্তৰ কৰা হৈছে । স্বাস্থ্য পৰীক্ষাৰ অন্তত মন্ত্ৰীগৰাকীয়ে সাংবাদিকক কয় যে তেওঁ অত্যাধিক শাৰীৰিক অসুস্থতাত ভুগি আছে । তেওঁ সঠিকভাৱে খোজ কাঢ়িব নোৱাৰে । যদি কোনো সঠিক চিকিৎসা লোৱা নহয় আৰু বৰ্তমানৰ পৰিস্থিতিৰে যদি জীয়াই থাকিব লগা হয় তেনেহ'লে সোনকালেই মৃত্যুবৰণ কৰিব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে হতাশাজনক মন্তব্য কৰিছিল ।

সমান্তৰালকৈ বিৰোধী দলবোৰেও অভিযোগ কৰিছে যে মন্ত্ৰীগৰাকীৰ স্বাস্থ্য সমস্যাৰ অভিযোগ একমাত্ৰ কাৰাগাৰৰ পৰা আঁতৰি থকাৰ এক কৌশল । আনহাতে মন্ত্ৰীগৰাকীৰ দল তৃণমূল কংগ্ৰেছে দাবী কৰে যে ইডিৰ দীৰ্ঘদিনীয়া জেৰা মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ কাৰণ । উল্লেখ্য যে ইডিয়ে গোচৰটোৰ মূল অভিযুক্ত বাকিবুৰ ৰহমানৰ সৈতে মন্ত্ৰীগৰাকীৰ যোগসূত্ৰ উলিয়াবলৈ সক্ষম হৈছিল । অক্টোবৰৰ আৰম্ভণিতে এই গোচৰটোত বাকিবুৰক গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক :ED arrests : ৰেচন কেলেংকাৰীৰ সন্দৰ্ভত মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details