নেশ্যনেল ডেস্ক,১০ জুন :দেশত একাংশ ৰাজনীতিবিদে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি অব্যাহত ৰাখিছে । লগতে সাম্প্ৰদায়িক মন্তব্যৰে বিভিন্ন সময়ত দেশত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে । শেহতীয়াকৈ ইছলাম ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত দিল্লীৰ বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মা ।
নুপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত ইতিমধ্যে দিল্লীত প্ৰতিবাদ অব্যাহত আছে (Protest demanding arrest of BJP spokesperson Nupur Sharma)। ধৰ্মীয় অনুভূতিত আঘাত হানি বিতৰ্কত সোমাই পৰা বিজেপি নেত্ৰীগৰাকীক দলৰ পৰা নিলম্বন কৰা হৈছে যদিও তেওঁৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে একাংশ লোক । ইয়াৰ মাজতে ক্ষোভিত লোকসকলে নিলম্বিত বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে জামা মছজিদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে (Protest against suspended BJP spokesperson Nupur Sharma)।
শুকুৰবাৰে নামাজৰ পাছতে জামা মছজিদৰ বাহিৰত শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে (Protest at Jama Masjid)। হাতে হাতে প্লে কাৰ্ড লৈ নুপুৰ শৰ্মাৰ বিৰুদ্ধে শ্ল'গান দিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।