অসম

assam

ETV Bharat / bharat

বিধানসভা নিৰ্বাচন: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ - ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ

অহা ১ এপ্ৰিলত অসম আৰু পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । অসমৰ ৩৯ টা সমষ্টি আৰু পশ্চিমবংগৰ ৩০ টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈছে নিৰ্বাচনী বিষয়াসকল । নৈ পাৰ হৈ দুৰ্গম অঞ্চলত থকা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হ'বলগীয়া হৈছে বহু বিষয়া ।

বিধানসভা নিৰ্বাচনঃ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ
বিধানসভা নিৰ্বাচনঃ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ

By

Published : Mar 31, 2021, 8:01 PM IST

নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: অসম আৰু পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যিক নিৰ্বাচনী আয়োগ । নিৰ্বাচনী আয়োগে জনোৱা মতে, বুধবাৰে সন্ধিয়াৰ ভিতৰত সকলো নিৰ্বাচনী বিষয়া নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে । নিৰ্বাচনী আয়োগৰ বিষয়াই লগতে মন্তব্য কৰে যে, দুৰ্গম অঞ্চল, প্ৰচণ্ড বৃষ্টিপাত, বন্ধ পথ আদিয়েও বৃহস্পতিবাৰৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে নিয়োজিত নিৰ্বাচনী বিষয়াসকলৰ যাত্ৰা পথত বাধাৰ সৃষ্টি কৰিব নোৱাৰে ।

বিধানসভা নিৰ্বাচনঃ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ

বৃহস্পতিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সকলো কেন্দ্ৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । কিয়নো, এই কেন্দ্ৰবোৰৰ অধিকাংশই স্পৰ্শকাতৰ । জিলা আৰু চহৰৰ সীমাৰে প্ৰৱেশ কৰা বাহনবোৰত দণ্ডাধীশৰ উপস্থিতিত নিৰাপত্তা ৰক্ষীসকলে তালাচী চলাই আছে ।

বিধানসভা নিৰ্বাচনঃ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ

পশ্চিমবংগৰ পূৱ মেদিনীপুৰ, পশ্চিম মেদিনীপুৰ, দক্ষিণ ২৪ পাৰগনা আৰু বাংকুৰা জিলাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰায় ৭০০টা কোম্পানী মোতায়েন কৰা হৈছে ।

বিধানসভা নিৰ্বাচনঃ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ

নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ কূটাঘাত সংঘটিত হোৱাৰ ক্ষেত্ৰত বাধা দিবলৈ অসমত ৫০০ৰো অধিক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে । দ্বিতীয় পৰ্যায়ত পশ্চিমবংগৰ নন্দীগ্ৰাম সমষ্টিতো ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

বিধানসভা নিৰ্বাচনঃ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে একালৰ দলীয় নেতা তথা বৰ্তমানৰ বিজেপি প্ৰাৰ্থী সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব নন্দীগ্ৰাম সমষ্টিত । বেনাৰ্জীয়ে পূৱ মেদিনীপুৰ জিলাৰ নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে ।

তেওঁৰ বাবে আৰু বিজেপিৰ বাবে এই সমষ্টিটোত হ'বলগীয়া যুঁজ সন্মানৰ যুঁজ । পশ্চিমবংগত ২০১১ চনৰ বিধানসভা নিৰ্বাচনত বাওঁপন্থী দলক ওফৰাই তৃণমূল কংগ্ৰেছে বিজয়ৰ পথ প্ৰশস্ত কৰিছিল । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত পশ্চিমবংগত ৩০খন আসনত বাবে মুঠ ১৭১ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব, য'ত ৭৫,৯৪,৫৪৯ জন ভোটাৰে তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব ।

বিধানসভা নিৰ্বাচনঃ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ

অসমত ৩৯ খন আসনৰ বাবে ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব আৰু ৭৩ লাখৰো অধিক ভোটাৰে । অসমৰ দ্বিতীয় পৰ্যায়ত বেছিভাগ আসনতে বিজেপি দল আৰু কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁটৰ মাজত পোনপটীয়া যুঁজ পৰিলক্ষিত হোৱাৰ সম্ভাৱনা আছে । বিজেপিৰ ৩৪ গৰাকী প্ৰাৰ্থী, কংগ্ৰেছৰ ২৮ গৰাকী, অসম জাতীয় পাৰিষদৰ ১৯ গৰাকী, এআইইউডিএফৰ ৭ গৰাকী, অগপৰ ৬ আৰু বিপিএফৰ ৪ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব ।

শাসকীয় দল বিজেপিৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ভৱেশ কলিতা, পীযুষ হাজাৰিকা আৰু বৰ্তমানৰ বিধায়ক নোমাল মমিনে পুনৰ নিৰ্বাচনী যুঁজত নামিব । কংগ্ৰেছৰ কামলাক্ষ দে পুৰকায়স্থ, চুম ৰংহাং, ছিদ্দিক আহমেদৰো ভাগ্য পৰীক্ষা হ'ব । ওদালগুৰিত বিপিএফৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ৰিহন দৈমাৰীয়েও প্ৰতিদ্বন্দিতা কৰিব । এআইইউডিএফৰ চুজাম উদ্দিন লস্কৰ, চিৰাজ উদ্দিন অজমলেও বৃহস্পতিবাৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ।

লগতে পঢ়ক:চুলি জব্দৰ ঘটনা: প্ৰতিক্ৰিয়া প্ৰকাশ তিৰুপতি মন্দিৰ কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details