নেশ্যনেল ডেস্ক, 3 মাৰ্চ :বৃহস্পতিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ (Polling begins in 57 constituencies for sixth phase of UP polls) । ষষ্ঠ পৰ্যায়ত পুৱা 9 বজালৈ 8.69 শতাংশ ভোটদান সম্পন্ন হৈছে ৷ জিলাখনৰ বস্তিত সৰ্বাধিক ৯.৮৮ শতাংশ লোকে আৰু বালিয়াত সৰ্বনিম্ন ৭.৫৭ শতাংশ লোকে ভোটদান সাব্যস্ত কৰিছে ৷
বৃহস্পতিবাৰে ৰাজ্যখনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ গোৰখপুৰ, আম্বেদকাৰ নগৰ, বালিয়া, বলৰামপুৰ, বস্তি, দেওৰিয়া, কুশীনগৰ, মহাৰাজগঞ্জ, সন্ত কবীৰ নগৰ আৰু সিদ্ধাৰ্থ নগৰকে ধৰি ১০ খন জিলাৰ ৫৭ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে । এই সমষ্টিকেইটাত মুঠ 2,14,62,816 জন ভোটাৰে 676 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷
ইফালে পুৱা 7 বজাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱা গোৰখপুৰৰ গোৰখনাথ কন্যা নগৰ ক্ষেত্ৰস্থিত প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে ।