নেশ্যনেল ডেস্ক, ৫ এপ্ৰিল: দেশত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ ৰাজস্থানৰ আই আই টি যোধপুৰতো ভাইৰাছবিধত আক্ৰান্ত হয় ৬৫-৭০ জন শিক্ষাৰ্থীসহ শিক্ষক আৰু কৰ্মচাৰী । ইয়াৰে ৫৫-৬০ টা সক্ৰিয় ঘটনা । আক্ৰান্তসকলৰ অধিকাংশ শিক্ষাৰ্থী চণ্ডীগড়, গুজৰাট আৰু জয়পুৰৰ ।
উপ-মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া (চিএমএইচঅ) পি সিঙে জনায় যে ১১ মাৰ্চত কৰ’ণা মহামাৰীত আক্ৰান্ত একাংশ লোক আই আই টিলৈ অহাৰ ফলত এইসকল শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰী আক্ৰান্ত হয় । সম্প্ৰতি প্ৰতিষ্ঠানখনৰ জি-৩ ব্লক চৌহদতো মাইক্ৰ' কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে । এই ঘটনাৰ পাচতে অধিক কঠোৰ হৈ পৰিছে ৰাজ্যখনৰ প্ৰশাসন । যোধপুৰৰ বাহিৰৰ পৰা অহা যিকোনো ব্যক্তিয়ে বিমানবন্দৰ, বাছ আস্থান বা ৰেলৱে ষ্টেচনেই হওঁক, তেওঁলোকে আৰটিচিপিআৰ পৰীক্ষা কৰাটো বাধ্যতামূলক বুলি জনায় চিএমএইচঅ বিষয়াগৰাকীয়ে ।