নিউজ ডেস্ক, ১৩ এপ্ৰিল : ভূপাল কেন্দ্ৰীয় কাৰাগাৰৰ এক আদৰ্শনীয় পদক্ষেপ । ভূপাল কেন্দ্ৰীয় কাৰাগাৰে গ্ৰহণ কৰিছে সকলোৰে শিক্ষাৰ অধিকাৰত কাম কৰাৰ সিদ্ধান্ত । এই সিদ্ধান্তৰে কাৰাগাৰত থকা বন্দীসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰি আহিছে (Bhopal Central Jail provides free education) । ভাৰত চৰকাৰৰ সৰ্বশিক্ষা অভিযানৰ অধীনত বন্দীসকলক সাক্ষৰ কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই কাৰ্যসূচীতে বিগত এটা বছৰত প্ৰায় 6,900 জন কয়দী সাক্ষৰ হৈ উঠিছে (free education to inmates in Bhupal Central Jail) ।
ইয়াৰ উপৰি ৩০০ জন কাৰাবন্দীয়ে স্নাতক, ৫৭ জনে স্নাতকোত্তৰ, ৪৬৩ জনে প্ৰাথমিক শিক্ষা, ৯২ জন বন্দীয়ে মাধ্যমিক শিক্ষা আৰু ২৪৩ জন কাৰাবন্দীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা দিয়ে । ইয়াৰে ভিতৰত ১৫৮ গৰাকী মহিলা কাৰাবন্দী । আনহাতে, ১০ গৰাকী মহিলা কম্পিউটাৰ শিক্ষাত দক্ষ হৈ উঠিছে (Inmates Becomes Literate in Bhupal) ।
এএনআইৰ সৈতে হোৱা এক বাৰ্তালাপত ভূপাল কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ৰাকেশ ভাংৰেয়ে কয়, "কাৰাবন্দীসকলক সাক্ষৰ কৰি তুলিবলৈ আৰু তেওঁলোকৰ শিক্ষাৰ স্তৰ বৃদ্ধি কৰিবলৈ তেওঁলোকক শিকোৱা হৈছে আৰু ডিপ্ল'মা ডিগ্ৰী দিয়া হৈছে (inmates literate programme in Bhupal Central Jail) । এইটো এনেদৰে কৰা হৈছে যাতে যেতিয়া কয়দীসকল কাৰাগাৰৰ পৰা মুকলি হয় তেওঁলোকে জীৱিকা উপাৰ্জন কৰিব পাৰে আৰু শিক্ষিত হ'ব পাৰে ।"
কেন্দ্ৰীয় কাৰাগাৰ ভূপালত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (Indira Gandhi National Open University, IGNOU) অধীনত বন্দীসকলক বিভিন্ন ধৰণৰ পাঠ্যক্ৰম শিকোৱা হৈছে । কাৰাগাৰত অনুষ্ঠিত হৈ থকা পাঠ্যক্ৰমসমূহৰ ভিতৰত আছে স্নাতক ডিগ্ৰী কাৰ্যসূচী, গ্ৰামোন্নয়নত প্ৰমাণ-পত্ৰ, খাদ্য আৰু পুষ্টিৰ প্ৰমাণ-পত্ৰ, এইচআইভি আৰু পাৰিবাৰিক শিক্ষাৰ প্ৰমাণ-পত্ৰ, এমএ আৰু এমবিএ আছে বুলি তেওঁ কয় ।
"বিগত এটা বছৰত বিভিন্ন পাঠ্যক্ৰমত ডিপ্ল'মা ডিগ্ৰী লাভ কৰা ৬৯০০ জন বন্দী আছে । তাৰে ভিতৰত কিছুসংখ্যক মহিলাও আছে, যিসকলে কম্পিউটাৰ পাঠ্যক্ৰমত ডিপ্ল'মা লৈছে । আমি এনে বন্দীসকলক শিক্ষিত কৰিবলৈ আৰু চিনাক্ত কৰি আছোঁ আৰু যিসকলে পঢ়িব আৰু লিখিব নাজানে তেওঁলোকক শিক্ষিত কৰাৰ চেষ্টা কৰি আছোঁ । তেওঁলোকক কাৰাগাৰত পুৱা আৰু সন্ধিয়া নিয়মীয়াকৈ শিকোৱা হৈছে ।" ভাঙৰে কয় যে কম শিক্ষিত কাৰাবন্দীসকলক দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ শিকোৱা হৈছে ।
তেওঁ লগতে কয়, "আমি বিশ্বাস কৰোঁ যে আমাৰ এই অভিযানে সকলো কাৰাবন্দীকে শিক্ষিত কৰিবলৈ আমাক সক্ষম কৰিব, যাতে তেওঁলোক ভাল নাগৰিক হ'ব পাৰে । ইয়াৰ উপৰি আমি নিশ্চিত কৰিবলৈ চেষ্টা কৰিম যে যেতিয়া বন্দীসকল ইয়াৰ পৰা মুকলি কৰা হ'ব, তেওঁলোকৰ ওচৰত নিযুক্তিৰ উপায় থাকিব । যদি নহয় তেন্তে আমি নিশ্চিতভাৱে এনে বন্দীসকলক আন প্ৰতিষ্ঠান আৰু সংগঠনত নিযুক্তিৰ সুযোগ প্ৰদান কৰিবলৈ চেষ্টা কৰিম ।" একেদৰে মুকলি কাৰাগাৰত থকা বন্দীসকলেও একে সমস্যাৰ সন্মুখীন হয় । আমি স্থানীয় প্ৰতিষ্ঠান আৰু সংগঠনৰ জৰিয়তে তেওঁলোকক নিযুক্তিৰ সুযোগ প্ৰদান কৰোঁ । বৰ্তমান কিছুমান বন্দীয়েও তেওঁলোকৰ পৰিয়ালৰ যত্ন লৈ আছে । তেওঁ লগতে কয় ।
লগতে পঢ়ক :Punjab Military Station Firing : ভাটিণ্ডাৰ সামৰিক কেন্দ্ৰত আন এজন সৈনিকক গুলীয়াই হত্যা