অসম

assam

By

Published : May 15, 2023, 10:47 AM IST

ETV Bharat / bharat

Violence in Manipur: পৰিস্থিতি বৰ্তমানেও সম্পূৰ্ণৰূপে শান্ত হোৱা নাই মণিপুৰত; প্ৰায় 456 টা কাঢ়ি লোৱা অস্ত্ৰ উদ্ধাৰ

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ পাচত উদ্ধাৰ হৈছে 456 টা কাঢ়ি লোৱা অস্ত্ৰ ৷ 3128 জন লোকক স্থানান্তৰ কৰা হৈছে সুৰক্ষিত স্থানলৈ (Violence in Manipur) ৷

Violence in Manipur
Manipur violence updates

তেজপুৰ, 15 মে’: শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ স্বাৰ্থত মণিপুৰ চৰকাৰে ৰাজ্যখনৰ পৰিস্থিতি কঠোৰভাৱে নিৰীক্ষণ কৰি আছে বুলি ৰাজ্যৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে জানিবলৈ দিছে ৷ যিকোনো স্থানত সংঘৰ্ষৰ বাতৰি পালেই তাত নিৰাপত্তা বাহিনীক মোতায়েনৰ বাবে সতৰ্ক কৰি ৰখা হৈছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰিছে (Manipur violence updates)।

দেওবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ সচিবালয়ত এখন সংবাদমেল সম্বোধন কৰি কুলদীপ সিঙে কয় যে, শনিবাৰে লাইৰাম্পাট অঞ্চলত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ সশস্ত্ৰ উগ্ৰপন্থীয়ে সেনাবাহিনীৰ এটা টহলদাৰী দলক আক্ৰমণ কৰে । এই ঘটনাত আহত হয় দুজন সেনা জোৱান । শনিবাৰে বিয়লি মৈৰাং কুমাম লেইকাইত এখন দলঙৰ তলত মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে নিশা টৰবুং ছাবালত অচিনাকি দুৰ্বৃত্তই চাৰিটা ঘৰ জ্বলাই দিয়াৰ কথাও তেওঁ জনায় (Armed recovered after Manipur violence) ।

অগ্নিনিৰ্বাপক বাহিনীৰ লোকে পলায়ন কৰাৰ লগে লগে ওচৰতে থকা বি এছ এফৰ জোৱান ঘটনাস্থলীত উপস্থিত হয় । চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনা অধিক হোৱা বুলি উল্লেখ কৰি বি এছ এফৰ আৰু তিনিটা কোম্পানীক অঞ্চলটোত মোতায়েন কৰা হৈছে বুলি সিঙে জানিবলৈ দিয়ে (Curfew imposed in Manipur) ।

নিৰাপত্তা উপদেষ্টাগৰাকীয়ে শনিবাৰে পুৱা ছাপেৰমেইনা থানাৰ অন্তৰ্গত খোলেপ গাঁও অঞ্চলত পাঁচখন ডাম্পাৰ ট্ৰাক জব্দ কৰে বুলিও সংবাদ মাধ্যমক জনায় । ৰাইজে দুখন ট্ৰাক জ্বলাই দিয়াৰ বিপৰীতে বাকী তিনিখনৰ লগতে আটাইকেইজন চালকক উদ্ধাৰ কৰা হৈছে ।

ছাংগাইপ্ৰৌৰ দুজন স্থানীয় বাসিন্দাৰ ওপৰত প্ৰতিশোধ ল’বলৈ চি আৰ পি এফৰ জোৱানে ক্ষমতাৰ অপব্যৱহাৰ কৰা ঘটনাৰ তদন্ত চলাবলৈ নিৰ্দেশ জাৰি কৰিছে চি আৰ পি এফৰ সহকাৰী কামাণ্ডেণ্ট ডানিয়াল হমৰে । তদন্তৰ তথ্যৰ ভিত্তিত চি আৰ পি এফ বিষয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ অৱগত কৰে (Violence grips Mnaipur) ।

তেওঁ আৰু জনায় যে, সান্ধ্য আইন শিথিলতাৰ সময় ক্ৰমান্বয়ে বৃদ্ধি কৰা হৈছে । উপত্যকাটোৰ পাঁচখন জিলাৰ বাবে শিথিলতাৰ সময় একেই থকাৰ বিপৰীতে জিৰিবাম জিলাত পুৱা ৫ বজাৰ পৰা বিয়লি ৩ বজালৈ শিথিলতাৰ সময় বৃদ্ধি কৰা হৈছে । টেঙনৌপাল, চাণ্ডেল আৰু কাংপকপি জিলাৰ বাবে পুৱা ৬ বজাৰ পৰা ১ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে ৷ কিন্তু চুৰাচাণ্ডপুৰ আৰু ফেৰজাউল জিলাত সান্ধ্য আইন শিথিল কৰা নাই । আনহাতে, তামেংলং, সেনাপতি, কামজং, উখৰুল আৰু ননে জিলাত সান্ধ্য আইন জাৰী কৰা নাই বুলিও তেওঁ লগতে কয় (Manipur latest news)।

এই পৰ্যন্ত আৰক্ষীয়ে 385 খন এজাহাৰ পঞ্জীয়ন কৰাৰ লগতে 30 জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ৰাজ্যখনত মৃতকৰ সংখ্যা 73 জনলৈ বৃদ্ধি পাইছে আৰু ইয়াৰে 41 জন সংঘৰ্ষৰ সৈতে জড়িত বুলি নিশ্চিত কৰা হৈছে । মুঠ মৃতকৰ ভিতৰত ইম্ফল পশ্চিমত ২৫ জন, ইম্ফল ইষ্টত ১৩ জন, চুৰাচান্দপুৰত ১৮ জন, বিষ্ণুপুৰত ৮ জন, কাংপোকপিত ৫ জন, টেংগনৌপাল আৰু থৌবালত ২ জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে (Tense situation in Manipur) ।

আহত লোকৰ সংখ্যা 243 জন আৰু 1809 টা ঘৰ জ্বলাই দিয়া হৈছে । দেওবাৰলৈকে 456 টা কাঢ়ি লোৱা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে আৰু ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে 3128 জন ব্যক্তিক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে বুলি তেওঁ জনায় ।

পাহাৰৰ পাদদেশৰ গাঁওসমূহত অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে আক্ৰমণ কৰা ঘটনাৰ পিছতে নিৰাপত্তা বাহিনীক হাই এলাৰ্টত ৰখা হৈছে । সেনা আৰু ৰাজ্যিক আৰক্ষীৰ যৌথ দলে SOO শিবিৰসমূহৰ বাৰে বাৰে পৰিদৰ্শন কৰি আছে । যদিও চি আৰ পি এফ আৰু চি এ পি এফৰ 62টা কোম্পানীৰ লগতে 126 টা স্থল সেনাবাহিনীৰ গোট পাদদেশত নিয়োজিত হৈ আছে ৷ তথাপিও তেওঁলোকে সমগ্ৰ পাদদেশৰ অঞ্চল সামৰি ল’ব নোৱাৰে । সেই হিচাপে যিকোনো স্থানত এনে সশস্ত্ৰ আক্ৰমণৰ খবৰ পোৱাৰ লগে লগে নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয় (Army company deployed in Manipue) ।

কিছুমান গোটৰ দ্বাৰা ৰূপায়ন কৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ সন্দৰ্ভত নিৰাপত্তা উপদেষ্টাগৰাকীয়ে কয় যে, আলোচনাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে । ইয়াৰ মাজতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পৰিবহণকাৰী বাহনৰ চলাচল পুনৰ আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ লগতে তেওঁ জনসাধাৰণক আহ্বান জনায় যে, সকলোৱে ভুৱা তথ্য প্ৰচাৰৰ পৰা বিৰত থাকিব লাগে ৷ কিন্তু চৰকাৰী হেল্পলাইন নম্বৰ, আৰক্ষী আৰু কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ পৰা পৰীক্ষণ ল’ব লাগে ।

লগতে পঢ়ক:Kuki MLAs Demand in Manipur : মণিপুৰত পৃথক প্ৰশাসনৰ দাবী কুকি বিধায়কৰ
কেৱল চৰকাৰে ৰাজ্যৰ শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই আনিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণক চৰকাৰক সুপৰামৰ্শ দিবলৈ আহ্বান জনায় । তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকে ধৰি সংবাদ মাধ্যমক অধিক সংঘৰ্ষৰ প্ৰেৰণা যোগাব পৰা প্ৰতিবেদন প্ৰকাশৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷ লগতে চৰকাৰী সংস্থাসমূহৰ পৰা পোৱা যিকোনো প্ৰতিবেদন পৰীক্ষা কৰিবলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details