নিউজ ডেস্ক, 27 ডিচেম্বৰ :গণতন্ত্ৰ দিৱসৰ লগতে স্থলসেনা দিৱসৰ পেৰেডত ভাগ ল’বৰ বাবে নতুন দিল্লীত উপস্থিত হোৱা সেনাৰ 150 গৰাকী জোৱানৰ দেহত ধৰা পৰিছে কোভিড-19 ৷ স্থলসেনাৰ বিশেষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা সেনাৰ জোৱানসকলক বিশেষ পদ্ধতিৰে পৰীক্ষণ কৰা হৈছিল আৰু এই পৰীক্ষণৰ সময়তে তেওঁলোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰে ৷ নৱেম্বৰৰ শেষৰ পৰাই প্ৰায় 2,000ৰো অধিক সৈনিকে গণতন্ত্ৰ দিৱস আৰু স্থলসেনা দিৱসৰ পেৰেডত ভাগ ল’বৰ বাবে ৰে’ল, বিমান, বাছ তথা অন্যান্য পৰিবহণ ব্যৱস্থাৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত উপস্থিত হৈছিল ৷