অসম

assam

ETV Bharat / bharat

অৰ্ণৱে ৰেটিংছ খেলিমেলি কৰাৰ বাবে মোক 40 লাখ প্ৰদান কৰিছিল : পাৰ্থ দাসগুপ্তা - ৰোমিল ৰামগঢ়িয়া

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ ফালৰ পৰা সংবাদ প্ৰতিষ্ঠানটোৰ হৈ টিআৰপিৰ খেলিমেলি কৰিবলৈ 12,000 ইউএছ ডলাৰ প্ৰদান কৰা হৈছিল 'বাৰ্ক' ইণ্ডিয়াৰ প্ৰাক্তন অধ্যক্ষ পাৰ্থ দাসগুপ্তাক ৷ মুম্বাই আৰক্ষীৰ চাৰ্জশ্বীটত পোহৰলৈ আহিছে এই তথ্য ৷

Arnav paid me Rs 40 lakh, $12000 to manipulate ratings: Former BARC CEO
অৰ্ণৱে ৰেটিংছ খেলিমেলি কৰাৰ বাবে মোক 40 লাখ প্ৰদান কৰিছিলঃ পাৰ্থ দাসগুপ্তা

By

Published : Jan 25, 2021, 5:42 PM IST

নিউজ ডেস্ক, 25 জানুৱাৰী : 'বাৰ্ক' ইণ্ডিয়াৰ প্ৰাক্তন অধ্যক্ষ পাৰ্থ দাসগুপ্তাই মুম্বাই আৰক্ষীক দিয়া এখন হাতে লিখা পত্ৰত দাবী কৰে যে, তেখেতক ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ ফালৰ পৰা সংবাদ প্ৰতিষ্ঠানটোৰ হৈ টিআৰপিৰ খেলিমেলি কৰিবলৈ 12,000 ইউএছ ডলাৰ দিয়া হয় ৷ টিআৰপি দুৰ্নীতিৰ ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে দাসগুপ্তা, বাৰ্কৰ প্ৰাক্তন অধ্যক্ষ ৰোমিল ৰামগঢ়িয়া আৰু ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ অধ্যক্ষ বিকাশ খানচন্দানীৰ বিৰুদ্ধে চেনেলৰ ৰেটিংছৰ খেলিমেলি কৰাৰ অভিযোগত সোমবাৰে 3600 পৃষ্ঠাৰ অতিৰিক্ত চাৰ্জশ্বীট দাখিল কৰে ৷ ইয়াৰ পূৰ্বে প্ৰথমখন চাৰ্জশ্বীট 12 গৰাকী লোকৰ বিৰুদ্ধে নবেম্বৰ 2020 ত দাখিল কৰা হৈছিল ৷

চাৰ্জশ্বীটত মুম্বাই আৰক্ষীয়ে দাবী কৰে যে, দাসগুপ্তাক 12 হাজাৰ ইউএছ ডলাৰ এক বিদেশ ভ্ৰমণৰ বাবে অৰ্ণৱ গোস্বামীৰ ফালৰ পৰা প্ৰদান কৰা হৈছিল ৷ লগতে চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে যে, ৰিপাব্লিক টিভিৰ পক্ষত টিআৰপিৰ খেলিমেলি কৰিবলৈ পাৰ্থদাস গুপ্তাক 40 লাখ টকা প্ৰদান কৰা হৈছিল ৷

দাসগুপ্তই নিজৰ হাতে লিখা পত্ৰত উল্লেখ কৰে যে, তেওঁ 2003 চনৰ পৰা অৰ্ণৱ গোস্বামীক চিনি পায় আৰু তেখেতৰ সৈতে ভাল সম্পৰ্ক আছিল তথা টাইম্চ নাওত একেলগেও কাম কৰিছিল ৷ দাসগুপ্তা 2013 চনত অধ্যক্ষৰ ৰূপত বাৰ্কৰ সৈতে জড়িত হয় ৷ অৰ্ণৱ গোস্বামীয়ে 2017 চনত ৰিপাব্লিক মুকলি কৰে ৷ ৰিপাব্লিক চেনেল মুকলি কৰাৰ পূৰ্বেই অৰ্ণৱে মুকলি কৰা সন্দৰ্ভত পৰিকল্পনা সম্পৰ্কে মোৰ সৈতে কথা পাতিছিল আৰু পৰোক্ষ ভাৱে অৰ্ণৱে তেওঁৰ চেনেলক ভাল ৰেটিংছ প্ৰদান কৰোৱাত সহায় কৰাৰ বাবে সংকেত প্ৰদান কৰে ৷

লগতে পঢ়ক:পাকিস্তানৰ আপত্তিৰ পাছতো জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে ভাৰতে

ABOUT THE AUTHOR

...view details