নেশ্যনেল ডেস্ক, 10 নৱেম্বৰ : বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী ৷ উল্লেখ্য যে, 2018 চনত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা এক গোচৰত আটক হোৱা গোস্বামীৰ অন্তৰ্ৱতীকালিন জামিন নাকচ কৰিছিল উচ্চ ন্যায়ালয়ে ৷
অধিবক্তা নিৰ্নিমেশ ডুবেৰ জৰিয়তে গোস্বামীয়ে এই সম্পৰ্কত মহাৰাষ্ট্ৰ চৰকাৰ, মুম্বাই আৰক্ষী, কেন্দ্ৰীয় চৰকাৰ আৰু অন্যান্য সকলক জবাৱদিহি কৰিছে ৷
সোমবাৰে বম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱ গোস্বামী আৰু দুজনক অন্তৱৰ্তীকালিন জামিন প্ৰদানৰ বাবে অস্বীকাৰ কৰাৰ লগতে নিম্ন আদালতৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে ৷
উল্লেখ্য যে, 2018 চনৰ মে' মাহত আলিবাগত ইন্টেৰিয়ৰ ডিজাইনাৰ অনভয় নায়কে আত্মহত্যা কৰিছিল আৰু এক ছুইচাইড নোটত গোস্বামীৰ পৰা লাভ কৰিবলগা ধন আদায় নিদিয়া বুলি উল্লেখ কৰিছিল ৷ ইয়াৰ পাচতে গোস্বামী আৰু আন দুজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ৷