নেশ্যনেল ডেস্ক, 22 জানুৱাৰী:সমাগত 74 সংখ্যক গণৰাজ্য দিৱস (Tightens security ahead of 74th Republic Day) ৷ গণৰাজ্য দিৱসলৈ মাথো কেইটামান দিন থকাৰ লগে লগে জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে ( Army tightens security at NH44)। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চিআৰপিএফ) (Central Reserve Police Force)137 নং বেটেলিয়ানে উধমপুৰত শক্তি বৃদ্ধি কৰাৰ লগতে যাতায়ত আৰু যান-বাহনৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ বাবে নাকা তালাচী বহুৱাইছে ৷
137 নং বিএন চিআৰপিএফৰ ছেকেণ্ড-ইন-কমাণ্ড কাৰতাৰ সিঙে কয়, ‘‘গণতন্ত্ৰ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ শক্তি বৃদ্ধি কৰিছোঁ আৰু নাকা তালাচীও বহুৱাইছোঁ ৷ প্ৰতিখন বাহনৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে ৷ বাহনৰ পৰীক্ষা কৰা হৈছে । আমি নিয়মীয়াকৈ তালাচী অভিযান চলাই আছোঁ আৰু অধিক সতৰ্কতা অৱলম্বন কৰিছোঁ ৷
গণৰাজ্য দিৱস সুচাৰুৰূপে আৰু সুৰক্ষিতভাৱে পৰিচালনাৰ কৰিবলৈ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে চিআৰপিএফে জম্মু-শ্ৰীনগৰ 44 নং ৰাষ্ট্ৰীয় ঘাইপথত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে নিৰীক্ষণ কৰি আহিছে (Prevent any untoward incident)।
সিঙে লগতে কয় যে, অঞ্চলটোৰ ঘাইপথসমূহত চিআৰপিএফ ৰোড অপেনিং পাৰ্টি (আৰঅ'পি) আৰু কুইক ৰীএক্সন টীম (কিউআৰটি)ৰ বাহনসমূহে 24 ঘণ্টাই টহল দি আহিছে ৷ 44 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ টহলদাৰীসকলক সতৰ্ক কৰি দিয়া হৈছিল । জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়োজিত চিআৰপিএফ জোৱানসকলক যাত্ৰীসকলক দ্ৰুত সেৱা প্ৰদান কৰিবলৈ আৰু গণৰাজ্য দিৱস উদযাপনৰ সময়ত যান-জঁট পৰিহাৰ কৰাত সহায় কৰিবলৈ সম্পূৰ্ণ প্ৰশিক্ষণ দিয়া হৈছে ৷