অসম

assam

ETV Bharat / bharat

পুনৰ লাডাখত শ্বহীদ ভাৰতীয় সেনা

লাডাখত 27 ফেব্ৰুৱাৰীত সেনাৰ টেংকাৰত নিজ ৰেজিমেণ্টৰ ফালে গৈ থকা অৱস্থাতে এক পথ দুৰ্ঘটনাত পতিত হৈ ভাৰতীয় সেনা জোৱান 38 বছৰীয়া বিক্ৰম সিং নাৰুকাৰ মৃত্যু ঘটে ৷ নাৰুকাৰ লগতে দুই সহকৰ্মী গুৰুত্বৰভাৱে আহত হয় ৷

Army soldier killed after tank overturns in Ladakh
পুনৰ লাডাখত শ্বহীদ হ’ল ভাৰতীয় সেনা

By

Published : Mar 2, 2021, 10:45 AM IST

নেশ্যনেল ডেস্ক,2 মাৰ্চ:লাডাখত পুনৰ শ্বহীদ হ’ল ভাৰতীয় সেনা জোৱান ৷ মৃত জোৱানজন ৯০ তম আৰ্মড ৰেজিমেণ্টৰ 38 বছৰীয়া বিক্ৰম সিং নাৰুকা বুলি চিনাক্ত কৰা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিগত 27 ফেব্ৰুৱাৰীত দিনা মৃত বিক্ৰম সিং নাৰুকা আৰু তেওঁৰ আন দুগৰাকী সহকৰ্মীৰ সৈতে সেনাৰ টেংকাৰত তেওঁলোকৰ ৰেজিমেণ্টৰ ফালে গৈ থকা অৱস্থাতে এক পথ দুৰ্ঘটনাত পতিত হয় ৷ যাৰ ফলত গুৰুত্বৰভাৱে আহত হয় মৃত সেনা জোৱান জনৰ লগতে দুই সহকৰ্মী ৷ সেনা-আৰক্ষীৰ সূত্ৰই জনোৱা মতে, টেংকাৰখন চলাই আছিল বিক্ৰমে ৷ এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সেনা জোৱান কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু চিকিৎসকে নাৰুকাক মৃত ঘোষণা কৰে ৷

উল্লেখ্য যে, মৃত সেনা জোৱান বিক্ৰম সিং নাৰুকাই ২০০২ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল ৷ মৃত্যুৰ সময়ত নাৰুকাই পত্নীসহ দুজন পুত্ৰক এৰি থৈ যায় ।

লগতে পঢ়কঃবাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

ABOUT THE AUTHOR

...view details