নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ :জম্মু-কাশ্মীৰত বুধবাৰে এক সংঘৰ্ষত ভাৰতীয় সেনাৰ কৰ্ণেলসহ ৩ গৰাকীকৈ জোৱান শ্বহীদ হয় । ইয়াৰ পাছতো শান্ত হৈ থকা নাই আৰক্ষী তথা ভাৰতীয় সেনা । ভাৰতীয় সেনাই জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে বৃহস্পতিবাৰে অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ কৰিছে । বুধবাৰে কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীচালনাত এগৰাকী ভাৰতীয় সেনাৰ কৰ্ণেল, এজন মেজৰ আৰু এজন উপ আৰক্ষী অধীক্ষক নিহত হয় ।
নিহত বিষয়াসকলক ক্ৰমে কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনাক আৰু ডিএছপি হুমায়ুন ভাট বুলি চিনাক্ত কৰা হৈছে । এক্সত কাশ্মীৰ জ'নৰ আৰক্ষীয়ে এক বাৰ্তাত তিনিওগৰাকী জোৱানক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আটাইকেইজনে চলিত অভিযানৰ সময়ত সন্মুখৰ নেতৃত্ব দিছিল । নিৰাপত্তা বাহিনীয়ে অটল সংকল্পৰে উজাইৰ খানকে ধৰি ২ এলইটি সন্ত্ৰাসবাদীক আৱদ্ধ কৰি ৰাখিছে । বুধবাৰে সন্ধিয়া বুদগামত ডিএছপি হুমায়ুন মুজাম্মিল ভাটৰ শেষকৃত্য সম্পন্ন কৰা হয় । ইফালে জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এনকাউণ্টাৰৰ শ্বহীদসকলৰ মৃত্যুত শোক প্ৰকাশ কৰে ।