অসম

assam

ETV Bharat / bharat

খাৰদুং লাত আৱদ্ধ লোকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই - চিয়াচেন ব্ৰিগেডৰ সেনা

লাডাখৰ খাৰদুং লা টপত প্ৰচণ্ড তুষাৰপাতৰ ফলত আৱদ্ধ হোৱা নাগৰিকসকলক চিয়াচেন ব্ৰিগেডৰ সেনা সৈন্যই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । শেহতীয়াকৈ উত্তৰ পুলুৰ পৰা খাৰদুং লা টপৰ ফালে পাঁচ কিলোমিটাৰ দূৰত্বত বৰফৰ মাজত আৱদ্ধ হৈ পৰা তিনিখন বাহন সহ 10 জন লোকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই ।

খাৰদুং লাত আৱদ্ধ লোকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই
খাৰদুং লাত আৱদ্ধ লোকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

By

Published : Apr 23, 2021, 5:51 PM IST

নেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল: লাডাখৰ খাৰদুং লা টপত প্ৰচণ্ড তুষাৰপাতৰ ফলত আৱদ্ধ হোৱা নাগৰিক সকলক চিয়াচেন ব্ৰিগেডৰ সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । চাৰি মাহৰ অন্তত বুধবাৰে সীমান্ত পথ সংস্থাই ঘাইপথটো যাতায়তৰ বাবে মুকলি কৰি দিছিল । কিন্তু পুৱাৰে পৰা দ্ৰাছ, মণিমাৰ্গ, সোণামাৰ্গ আৰু জোজিলা অঞ্চলত প্ৰচণ্ড তুষাৰপাতৰ বাবে যান-বাহনৰ চলাচল স্থগিত ৰখা হয় ।

খাৰদুং লাত আৱদ্ধ লোকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

ইয়াৰ মাজতে উত্তৰ পুলুৰ পৰা খাৰদুং লা টপৰ ফালে পাঁচ কিলোমিটাৰ দূৰত্বত তিনিখন বাহন বৰফৰ মাজত আৱদ্ধ হৈ পৰিছিল । উক্ত স্থানৰ পৰা দহজন নাগৰিকক উদ্ধাৰ কৰে ভাৰতীয় সেনাই । মুঠ দহজন নাগৰিক আৰু এখন স্কৰপিঅ' বাহন, জিপ আৰু এখন সৰু যাত্ৰীবাহী বাছ উদ্ধাৰ কৰে । উদ্ধাৰৰ পাছত আটাইকেইজনকে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । সেনাৰ এই প্ৰচেষ্টাক এতিয়া সকলোৱে একেমুখে কৰিছে প্ৰশংসা ।

লগতে পঢ়ক: পালঘৰৰ ক'ভিড কেন্দ্ৰত অগ্নিকাণ্ডৰ ফলত নিহত ১৩

ABOUT THE AUTHOR

...view details