নেশ্যনেল ডেস্ক,১২ মাৰ্চ :ভাৰত-পাক সীমান্তত ভাৰতীয় সেনাৰ বৃহৎ অভিযান (Army operation in border area)। নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অভিযান চলাই বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ভাৰতীয় সেনাই । শনিবাৰে ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) সমীপত চলোৱা এই অভিযানত বহু অস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে ।
জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত চলা এই প্ৰথমটো অভিযানত সেনা জোৱানসকলে দুই কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী, দুটা পিষ্টল, এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) আৰু মেগজিন উদ্ধাৰ কৰে (Army seized IED and drugs in Rajouri)। ১১ মাৰ্চৰ বিয়লি প্ৰায় ৪ বজাত সেনা বাহিনীয়ে ৰাজৌৰীৰ নৌচেৰা চেক্টৰৰ লাম অঞ্চলত এই তালাচী অভিযান চলাইছিল আৰু অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছখিনি উদ্ধাৰ কৰে ।
চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সেনাই ১১ মাৰ্চত নৌচেৰাৰ ঝাংগাৰত এলঅ'চিৰ ওচৰত এই অভিযান চলাইছিল (Army operation near LoC)। সেনা বিষয়াসকলে কোৱা মতে এই অভিযানে সন্ত্ৰাসবাদীৰ এক বৃহৎ পৰিকল্পনা প্ৰতিহত কৰিবলৈ সক্ষম হৈছে । সন্দেহ কৰা মতে এই অস্ত্ৰ আৰু ড্ৰাগছ অপৰাধীসকলে সন্ত্ৰাসবাদীৰ বাবে যোগান ধৰিছিল ।