অসম

assam

ETV Bharat / bharat

কাৰ্গিল বিজয় দিৱসৰ 22 বছৰ: সেনাৰ উদ্যোগত মটৰ চাইকেল ৰেলীৰ আয়োজন - motorcycle rally to commemorate kargil vijay viwas

কাৰ্গিল বিজয় দিৱস(Kargil Vijay Diwas)ৰ 22তম বাৰ্ষিকী উপলক্ষে মটৰ চাইকেল ৰেলীৰ আয়োজন ৷ ভাৰতীয় সেনাৰ নৰ্দাৰ্ণ কমাণ্ডৰ উদ্যোগত এই আয়োজন ৷ লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশীৰ নেতৃত্বত 'ধ্ৰুৱ কাৰ্গিল ৰাইড'ৰ অধীনত ২৫ জন বাইক আৰোহীৰ সৈতে উধমপুৰৰ পৰা ড্ৰাছস্থিত কাৰ্গিল যুদ্ধ স্মাৰকলৈ এই মটৰ চাইকেল ৰেলীৰ আয়োজন ৷

kargil vijay diwas
কাৰ্গিল বিজয় দিৱসৰ 22 বছৰ

By

Published : Jul 22, 2021, 6:05 PM IST

নিউজ ডেস্ক, 22 জুলাই : কাৰ্গিল যুদ্ধ(Kargil War)ৰ ২২ বছৰীয়া বিজয় উপলক্ষে ভাৰতীয় সেনাৰ উত্তৰ কমাণ্ডে জম্মু আৰু কাশ্মীৰত দুদিনীয়া কাৰ্যসূচীৰে এক মটৰ চাইকেল ৰেলীৰ আয়োজন কৰিছে ৷ কাৰ্গিল বিজয় দিৱস(Kargil Vijay Diwas)ৰ 22তম বাৰ্ষিকী উপলক্ষে উধমপুৰৰ পৰা ড্ৰাছ(Drass)স্থিত কাৰ্গিল যুদ্ধ স্মাৰক(Kargil War Memorial)লৈ 25 জনীয়া মটৰচাইকেল আৰোহীৰ সৈতে এক ৰেলীৰ আয়োজন কৰা হৈছে ৷ চি নৰ্দাৰ্ণ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল ৱাই.কে যোশী( Lt. Gen. Y K Joshi, GOC of the C Northern Command)ৰ নেতৃত্বত এই ৰেলী আৰম্ভ হয় ৷

কাৰ্গিল বিজয় দিৱসৰ 22 বছৰ

উল্লেখ্য যে, 'কাৰ্গিল বিজয় দিৱস ২০২১'(Kargil Vijay Diwas 2021) উদযাপনৰ অংশ হিচাপে বুধবাৰে জম্মু আৰু কাশ্মীৰৰ উধমপুৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত কাৰ্গিল যুদ্ধৰ নায়কসকলক সন্মান জনোৱাৰ বাবে জম্মু-কাশ্মীৰৰ সূৰ্য বেণ্ডে উধমপুৰৰ নৰ্দাৰ্ণ কমাণ্ডত যোগদান কৰি দেশপ্ৰেম আৰু জাতীয়তাবাদৰ উৎসাহেৰে পৰিপূৰ্ণ এক সংগীতৰ সন্ধিয়া উপহাৰ দিয়ে ৷ উক্ত অনুষ্ঠানত লেফটেনেণ্ট জেনেৰেল ৱাই কে যোশীকে ধৰি সেনাৰ বহুকেইজন জ্যেষ্ঠ বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল উপস্থিত আছিল ৷

লগতে পঢ়ক:Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম

কাৰ্গিল সংঘৰ্ষ হিচাপেও জনাজাত কাৰ্গিল যুদ্ধ আছিল ভাৰত আৰু পাকিস্তানৰ মাজত সংঘটিত এক সশস্ত্ৰ যুদ্ধ ৷ 1999 চনৰ মে'ৰ পৰা জুলাই পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(Line of Actual Control)ৰ কাষত কাশ্মীৰৰ কাৰ্গিল অঞ্চলত এই যুদ্ধ সংঘটিত হৈছিল ৷ 1999 চনৰ 26 জুলাইত ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তানক পৰাস্ত কৰিছিল ৷ তাৰ পাচৰে পৰা অপাৰেচন বিজয়ত অংশ লোৱা প্ৰতিগৰাকী ভাৰতীয় সেনাৰ গৌৰৱ তথা বীৰত্বৰ প্ৰতি সন্মান জনাই 26 জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷

লগতে পঢ়ক:আলফাৰ নাম লৈ কোনে চলাইছে ধন সংগ্ৰহ অভিযান ?

ABOUT THE AUTHOR

...view details