নেশ্যনেল ডেস্ক, 19 জুলাই: লাডাখৰ চিয়াচেন তম্বুত জুইৰ সূত্ৰপাত হোৱাৰ ফলত এগৰাকী ভাৰতীয়া সেনা বিষয়া নিহত হোৱাৰ লগতে আন 6গৰাকী জোৱান আহত ৷ সেনাৰ সূত্ৰই বুধবাৰে সদৰী কৰিছে এই তথ্য ৷
‘‘আজি পুৱা প্ৰায় 3.30 বজাত চিয়াচেনৰ ওপৰত ভাৰতীয় সেনাৰ কেইবাটাও তম্বুত জুই লাগে ৷ এই ঘটনাত এজন বিষয়াৰ মৃত্যু হয়, আনহাতে ছয়জন জোৱান আহত হয় । ইয়াৰ ভিতৰত তিনিজনক চিকিৎসাৰ বাবে চণ্ডিগড়লৈ প্ৰেৰণ কৰা হৈছে," সূত্ৰই জনায় ৷ সেনাৰ সূত্ৰই লগতে কয়, ‘‘গোলাবাৰুদৰ বাংকাৰত এটা শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হয় ৷’’ ইফালে আহত জোৱানসকলৰ অৱস্থা স্থিৰ বুলি সদৰী কৰিছে সেনাৰ সূত্ৰই ৷
উল্লেখ্য যে ভাৰতীয় সেনাই এতিয়ালৈকে ঘটনা সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৷ প্ৰাসংগিকভাৱে, 2011 চনতো চিয়াচেন গ্লেচিয়াৰত একে ধৰণৰ ঘটনাত দুজন লেফটেনেণ্ট পদবীৰ বিষয়া নিহত আৰু চাৰিজন আহত হৈছিল । উল্লেখ্য যে 71 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ অন্যতম বৃহৎ হিমবাহ চিয়াচেন, লাডাখ ইউটিত (Ladakh UT) ভাৰত-পাকিস্তান সীমান্তত অৱস্থিত ৷
উল্লেখ্য যে প্ৰতিকূল পৰিৱেশ আৰু হিমস্খলন প্ৰৱণ স্থানত বহু ভাৰতীয় সৈনিক নিহত হৈয় । ইফালে প্ৰতিকূল বতৰৰ বাবে সেনাই চিয়াচেনত এজন সৈনিকক কেৱল তিনি মাহৰ বাবে নিয়োগ কৰিব পাৰে ৷ বিগত 37 বছৰত চিয়াচেনত কঠিন ভূখণ্ড, প্ৰতিকূল বতৰ, শত্ৰুৰ গুলী আৰু অন্যান্য কাৰকৰ ফলত 800 তকৈও অধিক সৈন্যৰ মৃত্যু হৈছে বুলি প্ৰতিৰক্ষা নিৰীক্ষকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ এনে প্ৰতিকূল পৰিস্থিতিতো দেশ মাতৃৰ ৰক্ষাৰ বাবে নিয়োজিত হৈ আছে ভাৰতীয় সেনা ৷
লগতে পঢ়ক : Gujarat riots case: গোধৰা হত্যাকাণ্ডৰ অভিযুক্ত তিস্তা ছিতলৱাডৰ জামিন মঞ্জুৰ