অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰত সেনা জোৱানৰ আকস্মিক মৃত্যু - জোৱানৰ আকস্মিক মৃত্যু

জম্মু-কাশ্মীৰৰ চোফিয়ান জিলাত কৰ্তব্যৰত অৱস্থাত মৃত্যু হৈছে এজন ভাৰতীয় জোৱানৰ ৷ আব্দুল মাজিদ দাৰ নামৰ জোৱানজনে চোফিয়ান জিলাৰ জাইনাপাৰা অঞ্চলত তহলদাৰী সেনা হিচাপে কৰ্তব্যৰত আছিল ৷

জম্মু-কাশ্মীৰত সেনা জোৱানৰ আকস্মিক মৃত্যু
জম্মু-কাশ্মীৰত সেনা জোৱানৰ আকস্মিক মৃত্যু

By

Published : Dec 13, 2020, 10:49 PM IST

নিউজ ডেস্ক, 13 ডিচেম্বৰ: জম্মু-কাশ্মীৰৰ চোফিয়ান জিলাত কৰ্তব্যৰত অৱস্থাত মৃত্যু হৈছে এজন ভাৰতীয় জোৱানৰ ৷ দেওবাৰে এই তথ্য প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই ৷

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ৰাজেশ কালীয়াই সদৰি কৰা অনুসৰি, আব্দুল মাজিদ দাৰ নামৰ জোৱানজন চোফিয়ান জিলাৰ জাইনাপাৰা অঞ্চলত তহলদাৰী সেনা হিচাপে কৰ্তব্যৰত হৈ আছিল ৷ উক্ত সময়ত আকস্মিকভাৱে পাহাৰৰ বহু উচ্চতাৰ পৰা তললৈ পৰি যায় তেওঁৰ মৃত্যু হয় ৷

ঘটনা সংঘটিত হোৱাৰ পাচতে ভাৰতীয় জোৱানৰ এটা সঁজাতি দলে জোৱান জনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত সমীপৰ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ 2004 চনত ভৰতীয় জোৱানত যোগ দিয়া আব্দুল মাজিদ দাৰৰ মৃত্য়ুৰ সময়ত বয়স আছিল 44 বছৰ ৷ মৃত্যুৰ সময়ত জোৱানজনে দুজন পুত্ৰসহ পত্নীক এৰি যায় ৷

লগতে পঢ়ক:ক’ভিড-19ত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা

ABOUT THE AUTHOR

...view details