অসম

assam

ETV Bharat / bharat

Bathinda firing case: বাথিণ্ডা কাণ্ডৰ সৈতে জড়িতৰ সন্দেহত সেনা জোৱান আটক - One Army jawan detained for Bathinda incident

পঞ্জাবৰ বাথিণ্ডা সামৰিক কেন্দ্ৰত গুলীচালনাত সেনাবাহিনীৰ চাৰিজন জোৱান নিহত হোৱাৰ কিছুদিন পিচতে এই কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত এজন জোৱানক আৰক্ষীয়ে আটক কৰে বুলি সোমবাৰে বিষয়াসকলে জনায় (4 killed in military station firing in Punjab) ।

Bathinda firing case
Bathinda firing case

By

Published : Apr 17, 2023, 11:09 AM IST

Updated : Apr 17, 2023, 12:09 PM IST

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : পঞ্জাবৰ বাথিণ্ডা সামৰিক কেন্দ্ৰত গুলীচালনা ঘটনাৰ সৈতে জড়িতৰ অভিযোগত এজন জোৱানক আটক ৷ উল্লেখ্য যে, পঞ্জাবৰ বাথিণ্ডা সামৰিক কেন্দ্ৰত ১২ এপ্ৰিলৰ দিনা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা । এই ঘটনাত কমেও চাৰিজন সেনা জোৱান নিহত হয় । পুৱা প্ৰায় ৪.৩৫ বজাত বাথিণ্ডা সামৰিক কেন্দ্ৰৰ ভিতৰত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ পৰা গৈছে (Firing at Bathinda Military Station Punjab) ।

উক্ত গুলীচালনাৰ ঘটনাত টোপনিতে নিহত হয় চাৰিজনকৈ সেনা জোৱান । পঞ্জাব আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, দেওবাৰে এই কাণ্ডৰ সৈতে জড়িতৰ সন্দেহত চাৰিজন জোৱানক জেৰা কৰা হয় । ইতিমধ্যে বাথিণ্ডা সামৰিক কেন্দ্ৰত সংঘটিত গুলীচালনাৰ সৈতে জড়িত দুজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে পঞ্জাব আৰক্ষীয়ে গোচৰ ৰুজু কৰে । ঘটনাটোৰ সাক্ষী মেজৰ আশুতোষ শুক্লাৰ বক্তব্যৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে (Punjab Military Station Firing) ।

গোচৰটোত নিহত চাৰিজন জোৱান সাগৰ, কমলেশ, সন্তোষ আৰু যোগেশ বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে, নিজ কৰ্তব্য সমাপন হোৱাৰ পিচত জোৱানকেইজনে নিজৰ কোঠাত শুই আছিল ৷ তেতিয়াই বগা কুৰ্তা পাইজামা পিন্ধা দুজন মুখা পিন্ধা লোকে ৰাইফল আৰু চোকা ধাৰৰ অস্ত্ৰৰে আক্ৰমণ কৰে সামৰিক কেন্দ্ৰটোত । তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত চাৰিজন জোৱানক উদ্ধাৰ কৰা হয় । ঘটনাটোত ব্যৱহৃত এটা অস্ত্ৰ জব্দ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (4 killed in military station firing in Punjab) ।

সেনাৰ বিবৃতি অনুসৰি এই কাণ্ডত আন কোনো লোকৰ আঘাত বা সা-সম্পত্তিৰ ক্ষতিৰ হোৱা নাই । তাৎপৰ্যপূৰ্ণভাৱে যোৱা দুদিন ধৰি ২৮ টা গুলীৰ সৈতে এটা ইনছাছ ৰাইফল নিৰুদ্দেশ হোৱা বুলি সেনাবাহিনীৰ লোকে জানিবলৈ দিয়ে ৷ এই কাণ্ডৰ আঁৰত জোৱান জড়িত থকাৰ সন্দেহ কৰা হৈছে । ঘটনাটো সংঘটিত হোৱাৰ পিচত সেনাবাহিনীৰ লোকে অঞ্চলটো ঘেৰাও কৰি ৰাখে (One Army jawan detained for Bathinda incident) ৷

ঘটনাৰ সত্য উদঘাটন কৰিবলৈ সেনাই পঞ্জাব আৰক্ষীৰ সৈতে যৌথ তদন্ত চলাইছে বুলি জানিবলৈ পৰা গৈছে । উল্লেখ্য যে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈকো মুখ্য জেনেৰেল মনোজ পাণ্ডেই এক টোকা প্ৰেৰণ কৰে বুলি জানিবলৈ পৰা গৈছে (Punjab police) ।

লগতে পঢ়ক :Punjab Military Station Firing : পঞ্জাবৰ সামৰিক কেন্দ্ৰত গুলীবৰ্ষণত নিহত ৪

Last Updated : Apr 17, 2023, 12:09 PM IST

ABOUT THE AUTHOR

...view details