নেশ্যনেল ডেস্ক,৩ ছেপ্তেম্বৰ :জম্মু-কাশ্মীৰৰ সীমান্ত অঞ্চলত সন্ত্ৰাসবাদীৰ (militants) কাৰ্যকলাপ অব্যাহত আছে । কেইবাটাও অঞ্চলত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ তথ্য পোহৰলৈ আহিছে । ড্ৰোণৰ (Drone) কাৰ্যকলাপ অব্যাহত ৰখাৰ সমান্তৰালকৈ কেইবাটাও অঞ্চলত বিস্ফোৰণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে ।
ইয়াৰোপৰি নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টাও চলাই গৈছে সন্ত্ৰাসবাদীয়ে । কিন্তু ভাৰতীয় সেনাৰ লগতে নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বাবে এই কাৰ্যত সফল হ'ব পৰা নাই সন্ত্ৰাসবাদী । জম্মুৰ প্ৰতিৰক্ষা বিভাগে জনোৱা মতে বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত নিয়ন্ত্ৰণ ৰেখাত (LoC) অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল সন্ত্ৰাসবাদীয়ে । কিন্তু নিৰাপত্তা বাহিনীৰ (Security forces) তৎপৰতাত সেই অপচেষ্টা বিফল হয় ।