নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: কৰ'ণাসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্থগিত কৰা হ'ল সেনাৰ কামাণ্ডাৰ সন্মিলন । জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য । বিগত বৰ্ষতো মহামাৰীৰ বাবে স্থগিত কৰা হৈছিল সেনাৰ শীৰ্ষ পৰ্যায়ৰ সন্মিলনখন ।
এক বিশেষ সূত্ৰই ই টিভি ভাৰতক জনোৱা মতে, ৰাজধানী দিল্লীত অহা ২৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া চলিত বৰ্ষৰ সেনাৰ কামাণ্ডাৰ সন্মিলন মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ বাবে স্থগিত কৰা হৈছে । সাধাৰণতে প্ৰতি বছৰে মাৰ্চ আৰু অক্টোবৰত অনুষ্ঠিত হোৱা এই সন্মিলন হৈছে ভাৰতীয় সেনাৰ বাবে গুৰুত্বপূৰ্ণ অনুষ্ঠান ।
এই সন্মিলন ভাৰতীয় সেনাৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান, যি অভিযান, লজিষ্টিক, প্ৰশাসন, মানৱ সম্পদ আৰু কল্যাণ সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় । আগন্তুক সেনাৰ কামাণ্ডাৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে চৰ্চা কৰা হ'ব । এই বিষয়বোৰৰ ভিতৰত আছে চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ সৈতে মুখামুখি পৰিস্থিতি, পাকিস্তানৰ সৈতে চলি থকা যুদ্ধবিৰতি, লগতে সাংগঠনিক আৰু কাৰ্যকৰী সংস্কাৰ সম্পৰ্কীয় আন বহুতো বিষয়ত কামাণ্ড স্থাপনৰ পদক্ষেপ, নিযুক্তি আদি ।