নিউজ ডেস্ক, 23 ডিচেম্বৰ : চীনৰ সৈতে চলি থকা সীমা বিবাদৰ মাজতে প্ৰথমবাৰৰ বাবে সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হয় ভাৰতীয় স্থলসেনাৰ প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ লগতে ৰেখিন-লা আৰু অন্যান্য সীমান্তৱৰ্তী চকীসমূহৰ লগতে তাত নিয়োজিত হৈ থকা সৈনিকসকলৰ সৈতে বাৰ্তালাপ কৰে সেনাপ্ৰধানে ৷
ক'ৰ কামাণ্ডাৰ, বিএমপি আৰু জেন. নাৰাৱানে লাডাখৰ লগতে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত স্থলসেনাই প্ৰায় 50 হাজাৰ সৈনিকক শূণ্যতকৈ কম উষ্ণতাত মোতায়েন কৰি ৰাখিছে ৷ ভাৰতীয় সেনাই সৈনিকসকলৰ বাবে উচ্চক্ষমতাসম্পন্ন কাপোৰ তথা অস্ত্ৰ-শস্ত্ৰ ইতিমধ্যে লাভ কৰিছে আৰু সেইসমূহৰ সৈতে সম্পূৰ্ণ সামৰিক সাজু কৰি তুলি সৈনিকসকলক এই স্থানত মোতায়েন কৰি ৰখা হৈছে ৷
বিএমপি আৰু ইয়াৰ বিষয়াসকলৰ সৈতে জেন. নাৰাৱানে স্থলসেনা প্ৰধানক এই ভ্ৰমণত সংগ দিয়ে লেহস্থিত 14 ক'ৰ যাক ফায়াৰ এণ্ড ফিউৰি ক'ৰ বুলি জনা যায়, ক'ৰ কামাণ্ডাৰ লেফ. জেন. পিজিকে মেননে ৷ ইতিমধ্যে এই সন্দৰ্ভত স্থলসেনাই টুইট কৰিছে ৷
ক'ৰ কামাণ্ডাৰ লেফ. জেন. পিজিকে মেননৰ সৈতে জেন. নাৰাৱানে স্থলসেনা প্ৰধানে সৈনিকসকলৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ উপৰিও আগন্তুক খ্ৰীষ্টমাছ উপলক্ষে মিঠাই আৰু কেক বিতৰণ কৰে ৷ ৰেখিন-লাৰ উপৰিও টাৰা বেছ কেম্পতো উপস্থিত হয় সেনাপ্ৰধান জেন. নাৰাৱানে ৷
ডোগ্ৰা ৰেজিমেন্টৰ এগৰাকী কেপ্টেইনৰ সৈতে বাৰ্তালাপত মিলিত জেন. নাৰাৱানে চীনৰ সৈতে শেহতীয়াকৈ সম্পন্ন হোৱা অষ্টমলানি সামৰিক আৰু আমোলাতান্ত্ৰিক আলোচনাৰ পিচতো সীমা সমস্যাৰ কোনো সমাধান ওলোৱা নাই ৷ এনে অৱস্থাত প্ৰথমবাৰৰ বাবে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত স্থলসেনাই মোতায়েন কৰিছিল মেকানাইজড ইনফেন্ট্ৰি আৰু আৰ্টিলাৰী ৰেজিমেন্টৰ এটা বৃহৎ দল ৷
সৈনিক বিষয়াসকলৰ সৈতে বাৰ্তালাপত মিলিত জেন. নাৰাৱানে পোন প্ৰথমবাৰৰ বাবে প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সুৰক্ষাত মোতায়েন কৰিছিল বিএমপিকে ধৰি অৰ্জুন মেক ওৱান টেংক ৷ এনে অৱস্থাত স্থলসেনা প্ৰধানৰ নিয়ন্ত্ৰণৰেখা ভ্ৰমণে শূণ্যৰো কম তাপমাত্ৰাত মোতায়েন হৈ থকা এইসকল সৈনিকৰ মনোবল যথেষ্ট পৰিমানে বৃদ্ধি কৰিব ৷
লগতে পঢ়ক :জনীয়াত ভাৰতীয় স্থলসেনাই আগবঢ়ালে বিনামূলীয়া স্বাস্থ্য সেৱা