নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ: ভাৰতীয় স্থল সেনা বাহিনীৰ প্ৰধান মনোজ মুকুণ্ড নাৰাভানেই বৃহস্পতিবাৰে ৰাজস্থানৰ জৈছেলমেৰ জিলাত চলি থকা 'দক্ষিণ শক্তি' অনুশীলনৰ অংশ হিচাপে ৱাৰগেম পৰ্যবেক্ষণ কৰে (Army Chief Naravane reviews military exercise) । অনুশীলনৰ অংশ হিচাপে বিশেষ হেলিবোৰ্ণ অভিযান, যুদ্ধ বিমানযোগে আক্ৰমণ আৰু ড্ৰোণৰ ব্যৱহাৰ আদি প্ৰদৰ্শন কৰা হয় ।
সোমবাৰে সেনাৰ টুইটত উল্লেখ কৰা মতে, জেনেৰেল এম এম নাৰাভানে জৈছেলমেৰত অনুশীলনৰ সময় উপস্থিত থাকে । লক্ষণীয়ভাৱে, ৰাজস্থান আৰু গুজৰাটৰ প্ৰশিক্ষণ ক্ষেত্ৰত দক্ষিণ শক্তিৰ অনুশীলন('Dakshin Shakti' exercise in Jaisalmer)ৰ অংশ হিচাপে, ১৯-২২ নৱেম্বৰলৈ কেইবাটাও কৌশলৰ অনুশীলন আৰু "সাগৰ শক্তি" অনুশীলন চলে ।
এই অনুশীলনত ভাৰতীয় সেনা, ভাৰতীয় নৌ সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় উপকূলৰক্ষী বাহিনী, সীমান্ত সুৰক্ষা বাহিনী, গুজৰাট ৰাজ্যিক আৰক্ষী, সামূদ্ৰিক আৰক্ষীয়ে অংশ লয় । সেনা জোৱানসকলে যুদ্ধৰ সময়ত শত্ৰুপক্ষক প্ৰতিহত কৰিব পৰাকৈ বিভিন্ন কৌশলৰ অনুশীলন কৰোৱা হয় । যিকোনো অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে চলাব পৰা আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে জোৱানসকলক ।
ৰাজস্থানৰ জৈছেলমেৰত জোৱানসকলে এনেদৰে কঠোৰ অনুশীলন চলায় ('Dakshin Shakti' exercise in Rajasthan) । এই অনুশীলনৰ কাৰ্যসূচীত উপস্থিত থাকি জোৱানসকলক উৎসাহ যোগায় নাৰাভানেই (Army Chief Naravane reviews military exercise) ।
লগতে পঢ়ক:Civic body election of Tripura : গণতন্ত্ৰৰ প্ৰতি ভাবুকি অহাৰ অভিযোগ বিজেপি নেতাৰ