Intro:Body:
নিউজ ডেস্ক, 16 ডিচেম্বৰ :ভাৰতীয় সেনাবাহিনীৰ সৰ্বাধিনায়ক অৰ্থাৎ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ আকস্মিক মৃত্যুৰ(Death of General Bipin Rawat) পাচত এতিয়া চৰ্চিত হৈ পৰিছে এটা বিষয় ৷ সেয়া হ’ল, কোন হ’ব পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ ?
জ্যেষ্ঠতাৰ ফালৰ পৰা তিনিওটা বিভাগৰ সেনাৰ মাজৰ পৰা এগৰাকী বিষয়াক এই দায়িত্ব অৰ্পন কৰা হয় ৷ বৰ্তমান স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেক চীফ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষ হিচাপে সাময়িকভাৱে দায়িত্বভাৰ অৰ্পন কৰা হৈছে (Gen Naravane appointed as Chairman of CoSC) ৷
অৱশ্যে সূত্ৰই জনোৱা মতে, চীফ অৱ ডিফেন্স ষ্টাফ পদত কোনো এজন বিষয়াক স্থায়ীভাৱে নিযুক্তি প্ৰদান নকৰালৈকে হে দায়িত্বত থাকিব নাৰৱানে ৷
তামিলনাডুৰ কুন্নুৰত সংঘটিত IAF Mi17V5 হেলিকপ্টাৰ দুৰ্ঘটনাত CDS জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু হোৱাত এতিয়া খালী হৈ আছে এই পদটো ৷ গতিকে এই পদটো শীঘ্ৰে পূৰণ কৰাতো জৰুৰী হৈ পৰিছে ৷ কিন্তু বৰ্তমানেও যিহেতু কোনো এজন বিষয়াক বিপিন ৰাৱাটৰ স্থলাভিসিক্ত কৰা হোৱা নাই ৷ গতিকে চীফ অৱ ডিফেন্স ষ্টাফৰ কাম-সাজ সমূহ আগবঢ়াই নিবলৈ জেনেৰেল নাৰৱানেক দায়িত্ব দিয়া হৈছে ৷
উল্লেখ্য যে, 2019 চনত ভাৰতৰ তিনিওচা সেনা বাহিনী একত্ৰিত কৰি এজন চীফ অৱ ডিফেন্স ষ্টাফ নিয়োগ কৰা হৈছিল ৷ জেনেৰেল বিপিন ৰাৱাট ভাৰতৰ প্ৰথম গৰাকী চীফ অৱ ডিফেন্স ষ্টাফ ৷
লগতে পঢ়ক : Bandh announced in Mon district : নগালেণ্ডৰ ম'ন জিলাত দহ ঘন্টীয়া সৰ্বাত্মক বন্ধ ঘোষণা