নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: ভাৰত আৰু বাংলাদেশৰ মাজত বিভিন্ন কৌশলগত বিষয়ত সহযোগিতা আৰু সমন্বয় অধিক সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যেৰে বাংলাদেশলৈ বৃহস্পতিবাৰে বাংলাদেশলৈ ৰাওনা হৈছে ভাৰতৰ সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাংলাদেশ ভ্ৰমণৰ দুসপ্তাহ নৌহওঁতেই ৫ দিনীয়া ভ্ৰমণসূচীৰে সেনাপ্ৰধানগৰাকীয়ে বাংলাদেশলৈ যাত্ৰা কৰিছে ।
সেনাৰ বাহিনীৰ তৰফৰ পৰা জনোৱা তথ্য অনুসৰি, বৃহস্পতিবাৰে জেনেৰেল নাৰাভানেই বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত সাহসেৰে যুঁজি প্ৰাণ আহুতি নায়কসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । ইয়াৰ পিছত তেওঁ বাংলাদেশৰ স্থল সেনা, নৌসেনা আৰু বায়ুসেনাৰ তিনিগৰাকী মুৰব্বী বিষয়াৰে বৈঠকত মিলিত হ'ব । সেনাপ্ৰধানগৰাকীয়ে অহা ১১ এপ্ৰিলত বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব ।
সেনাৰ মুখপাত্ৰ কৰ্ণেল অমন আনন্দে কয় যে, ৮-১২ এপ্ৰিললৈ সেনাপ্ৰধানগৰাকীৰ এই ভ্ৰমণসূচীয়ে দুয়োখন দেশৰ সেনা বাহিনীৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নীত কৰি তুলিব । লগতে চুবুৰীয়া দেশ দুখনৰ মাজত বিভিন্ন কৌশলগত বিষয়ত সমন্বয় আৰু সহযোগিতা গঢ়ি তোলাত এই ভ্ৰমণ সহায়ক ৰূপে পৰিগণিত হ'ব বুলিও আশাবাদী মুখপাত্ৰগৰাকী । চলিত বৰ্ষটো বাংলাদেশৰ ৫০ সংখ্যক স্বাধীনতা দিৱস আৰু বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম বাৰ্ষিকীৰ বাবে অধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।