এতিয়াও শান্ত হোৱা নাই মণিপুৰ তেজপুৰ, 5 মে’ :এতিয়াও শান্ত হোৱা নাইমণিপুৰ (Violence hit Manipur) ৷ উমি উমি জ্বলি আছে মণিপুৰৰ অগনি ৷ অৱশ্যে মণিপুৰৰ কিছু অংশত বিশেষকৈ মৰেহ আৰু কাংপকপি অঞ্চলৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে ৷ এই কথা সদৰী কৰিছে ভাৰতীয় সেনাৰ বিষয়াসকলে ৷ ইফালে ইম্ফল আৰু চুৰাচান্দপুৰ অঞ্চলত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে ভাৰতীয় সেনা বিষয়াই ।
সকলোৰে জ্ঞাত যে, বিগত তিনিদিন ধৰি মণিপুৰত ইণ্টাৰনেটত সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা হৈছে ৷ বৃহস্পতিবাৰে নিশাৰে পৰা মৰেহ আৰু কাংপকপি অঞ্চলৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলেও কিন্তু ঠাই দুখনত উঠাই লোৱা নাই সন্ধ্যা আইন । প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে জনায় যে এই দুয়োটা অঞ্চলত সেনাৰ মোতায়েন বৃদ্ধি কৰাৰ ফলত নতুনকৈ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই ।
আনহাতে, ৰাজ্যখনলৈ বায়ুসেনাৰ বিমানযোগে অতিৰিক্ত সুৰক্ষা বাহিনী বিশেষকৈ ভাৰতীয় সেনাৰ অতিৰিক্ত দল তেজপুৰ আৰু গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা হৈছে । বৃহস্পতিবাৰে বায়ুসেনাৰ C 17 গ্লোব মাষ্টাৰ দুখন বিমানৰে RAF ৰেপিড এক্সন ফৰ্চৰ বাহিনী মণিপুৰলৈ প্ৰেৰণ কৰা হয় (Army deployed in violence hit Manipur)।
লগতে পঢ়ক :Manipur Violence: অশান্ত মণিপুৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ
তেজপুৰ বায়ুসেনাৰ পৰা আজি অৰ্থাৎ শুকুৰবাৰে পুৱা দুখন বিমানৰে সেনাৰ মোতায়েন কৰা হয় । ইফালে বৃহস্পতিবাৰে মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকে এ ‘‘Shoot at Sight’’ দেখা মাত্ৰকে গুলী কৰি দিয়াৰ নিৰ্দেশ জাৰি কৰিছে (Shoot at sight order in Manipur) । ফলস্বৰূপে ৰাজ্যখনত হিংসাত্মক কাৰ্য সামান্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ।
এতিয়াও শান্ত হোৱা নাই মণিপুৰ আনহাতে, কুকি ছাত্ৰ-ছাত্ৰীৰ ওপৰত অত্যাচাৰ চলোৱা বুলি ইম্ফল বিশ্ববিদ্যালয়ৰ ভিতৰত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সামাজিক মাধ্যমত ভাইৰল হৈছে এই তথ্য । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে অতিৰিক্ত সুৰক্ষা সেনা বাহিনীৰ মোতায়েন কৰি আইন শৃংখলা সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপলৈ নিয়াৰ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ বৃহস্পতিবাৰে নতুন দিল্লীত মণিপুৰ ভৱনৰ সন্মুখত মণিপুৰৰ ছাত্ৰই এই বিষয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ।
আনহাতে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই বৃহস্পতিবাৰে নিশা এক জৰুৰী বৈঠক অনুষ্ঠিত কৰি মণিপুৰৰ ঘটনাৰ ওপৰত বিশেষ দৃষ্টি নিক্ষেপ কৰিবলৈ সকলো প্ৰশাসনিক বিষয়াক আহ্বান জনাইছে ৷ কাৰণ মণিপুৰৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে মেঘালয়ৰ 200 ৰো অধিক ছাত্ৰ-ছাত্ৰী ।
লগতে পঢ়ক :Manipur Violence: মণিপুৰত হিংসাৰ দাবানল; 55 টা সেনাৰ গোট মোতায়েন