নিউজ ডেস্ক, 7 ডিচেম্বৰ :আজি 7 ডিচেম্বৰ ৷ অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস(Armed Forces Flag Day) ৷ সশস্ত্ৰ বাহিনীৰ উন্নতিৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ উদ্দেশ্যৰে পতাকা দিৱস উদযাপন কৰা হয় ৷
এই দিৱস উদযাপনৰ দিন, ইতিহাস আৰু তাৎপৰ্য কি চাও আহক-
বিগত বছৰবোৰত ভাৰতৰ সৈনিক, নাবিক আৰু বিমান কৰ্মীসকলৰ বাবে প্ৰদৰ্শন কৰা সন্মান হিচাপে এই দিনটো সোঁৱৰণ কৰাটো পৰম্পৰাত পৰিণত হৈছে ৷ সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত সংগ্ৰহ কৰা পুঁজিবোৰ সেৱা আগবঢ়োৱা কৰ্মচাৰী আৰু প্ৰাক্তন সৈনিকসকলৰ কল্যাণৰ বাবে আৰু যুদ্ধত হতাহতসকলক পুনৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰা হয় ৷ আজিৰ দিনটোত এনে কোনো মূল্যৰাশি প্ৰদানৰ বিনিময়ত পতাকা বিতৰণ কৰা হয় ৷ ভাৰতত প্ৰতি বছৰে 7 ডিচেম্বৰত সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পালন কৰা হয় ৷ ভাৰতীয় পতাকা, বেচ, ষ্টিকাৰ আৰু অন্যান্য সামগ্ৰী বিক্ৰী কৰি সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীৰ কল্যাণৰ হকে পুঁজি সংগ্ৰহ কৰাৰ আঁৰত মহৎ উদ্দেশ্য আছে ৷
ইতিহাস
১৯৪৯ চনৰ ২৮ আগষ্টত ভাৰতৰ তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰীৰ অধীনত এখন সমিতি গঠন কৰা হৈছিল ৷ সমিতিখনে বছৰি ৭ ডিচেম্বৰত পতাকা দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছিল ৷ এই দিনটো মুখ্যতঃ সাধাৰণ লোকৰ মাজত পতাকা বিতৰণ কৰিবলৈ আৰু তেওঁলোকৰ পৰা পুঁজি সংগ্ৰহ কৰিবলৈ পালন কৰা হয় ৷ সমগ্ৰ দেশৰ লোকসকলে পুঁজিৰ বিনিময়ত দেশৰ তিনিটাকৈ সেৱাক প্ৰতিনিধিত্ব কৰা ৰঙা, গভীৰ নীলা আৰু পাতল নীলা ৰঙৰ সৰু পতাকা বিতৰণ কৰে ৷ সেয়েহে সংগৃহিত পুঁজিবোৰ সেৱা আগবঢ়োৱা কৰ্মচাৰী আৰু প্ৰাক্তন সৈনিকসকলৰ কল্যাণৰ বাবে আৰু লগতে যুদ্ধত হতাহতসকলক পুনৰ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰা হয় ৷