অসম

assam

ETV Bharat / bharat

Armed Forces chiefs pay tribute at National War Memorial : দিল্লীৰ যুদ্ধ স্মাৰকত সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ শ্ৰদ্ধাঞ্জলি - ভাৰতীয় বায়ু সেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী

আজি ভাৰতীয় সেনা দিৱস (India celebrates Army day) উপলক্ষে ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাৱন, ভাৰতীয় বায়ু সেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী, নৌ সেনাপ্ৰধান এডমাইৰেল আৰ হৰি কুমাৰে ভাৰতীয় সেনা দিৱস উপলক্ষে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰণাম জনাই সেনাৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে ৷

armed-forces-chiefs-pay-tribute-at-national-war-memorial-in-delhi-on-army-day
আজি ভাৰতীয় সেনা দিৱস

By

Published : Jan 15, 2022, 12:59 PM IST

নিউজ ডেস্ক, 15 জানুৱাৰী : আজি ভাৰতীয় সেনা দিৱস ৷ প্ৰত্যেক বছৰে জানুৱাৰী মাহৰ 15 তাৰিখে দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সকলো সেনাৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ সমগ্ৰ দেশতে পালন কৰা হয় ভাৰতীয় সেনা দিৱস (India celebrates Army day) ৷

শনিবাৰে ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাৱন (Armed Forces chiefs pay tribute at National War Memorial), ভাৰতীয় বায়ু সেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী (Air Force Chief Air Chief Marshal VR Chaudhari), নৌ সেনাপ্ৰধান এডমাইৰেল আৰ হৰি কুমাৰে ভাৰতীয় সেনা দিৱস উপলক্ষে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত প্ৰণাম জনাই দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সকলো শ্বহীদ সেনা সকললৈ শ্ৰদ্ধা নিবেদন কৰে ৷

উল্লেখ্য যে, 1949 চনৰ পৰাই 15 জানুৱাৰীৰ পৰাই এই দিনটোত ভাৰতীয় সেনা দিৱস পালন কৰা হয় ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে সেনা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

"ভাৰতীয় সেনাৰ কৰ্মীসকলে প্ৰতিকূল অঞ্চলত সেৱা আগবঢ়ায় আৰু প্ৰাকৃতিক দুৰ্যোগকে ধৰি মানৱীয় সংকটৰ সময়ত নাগৰিকসকলক সহায় কৰাৰ ক্ষেত্ৰত সদায় আগবাঢ়ি যায় । বিদেশতো শান্তি ৰক্ষা অভিযানত সেনাৰ দুৰ্দান্ত অৱদানৰ বাবে ভাৰত গৌৰৱান্বিত" বুলি প্ৰধানমন্ত্ৰী মোডীয়ে শনিবাৰে টুইট কৰে ।

আনহাতে "সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু প্ৰাক্তন সকলক শুভেচ্ছা জনাইছো । ভাৰতীয় সেনাই ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । আমাৰ সৈনিকসকলে সীমান্ত ৰক্ষা আৰু শান্তি বজাই ৰখাৰ ক্ষেত্ৰত পেছাদাৰীতা, ত্যাগ আৰু বীৰত্ব প্ৰদৰ্শন কৰিছে । ভাৰতীয় সেনাৰ এই সেৱাৰ বাবে ৰাষ্ট্ৰ কৃতজ্ঞ । জয় হিন্দ" এইবুলি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটত উল্লেখ কৰে ।

লগতে পঢ়ক :Anti CM rally in Arunachal : ১০০ জন আটক, ২৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details