নেশ্যনেল ডেস্ক,১৮ মে':কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সাল-সলনি । কিৰেণ ৰিজিজুক আঁতৰাই আইন মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে অৰ্জুন ৰাম মেঘৱালক (Arjun Ram Meghwal replaces Kiren Rijiju)। ইফালে মেঘৱালে ইয়াৰ অংশ হিচাপে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ বাহিৰেও ৰিজিজুৰ বাকী দপ্তৰসমূহো লাভ কৰিব । ৰিজিজুৱে ২০২১ চনৰ ৮ জুলাইত আইন আৰু ন্যায় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ।
ইয়াৰ পূৰ্বে তেওঁ ২০১৯ চনৰ মে' মাহৰ পৰা ২০২১ চনৰ জুলাই মাহলৈ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । সূত্ৰৰ মতে কিৰেণ ৰিজিজুৱে এইবাৰ আৰ্থ ছায়েন্স মন্ত্ৰালয়ৰ দপ্তৰ গ্ৰহণ কৰিব (Kiren Rijiju will handle Earth Sciences department)। অৰ্জুন ৰাম মেঘৱালে ইতিমধ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাৰে কাৰ্যনিৰ্বাহ কৰি আছে ।
ৰাষ্ট্ৰপতি ভৱনৰ এক চমু বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকলৰ মাজত দপ্তৰ পুনৰ নিৰ্ধাৰণ কৰিছে । আৰ্থ ছায়েন্স মন্ত্ৰালয়ৰ দপ্তৰ কিৰেণ ৰিজিজুক আৱণ্টন দিয়া হ'ব বুলিও বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ।