অসম

assam

ETV Bharat / bharat

G20 Summit : দিল্লীত উপস্থিত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি; বাইডেন আহি পাওঁতে সন্ধিয়া হ’ব ! - Argentina President to attend G20 Summit

বিশ্বৰ কেইবাগৰাকী ৰাষ্ট্ৰপ্ৰধানে জি-২০ বৈঠকত অংশগ্ৰহণ কৰিব । শুকুৰবাৰে পুৱাই আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি এলবাৰ্টো এঞ্জেল ফাৰ্ণাণ্ডেজ দিল্লী বিমানবন্দৰত উপস্থিত হয় । ভাৰতৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ফাগ্গান সিং কুলাষ্টেয়ে তেওঁক আদৰণি জনায় ।

G20 Summit
জি-২০ বৈঠকৰ বাবে দিল্লীত উপস্থিত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি

By ANI

Published : Sep 8, 2023, 11:14 AM IST

নেশ্যনেল ডেস্ক,৮ ছেপ্টেম্বৰ :৯-১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব জি-২০ বৈঠক । ইতিমধ্যে দিল্লীলৈ বিদেশী অতিথিৰ আগমন আৰম্ভ হৈছে । বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি এলবাৰ্টো এঞ্জেল ফাৰ্ণাণ্ডেজ শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হয় । ফাৰ্ণাণ্ডেজক দিল্লী বিমানবন্দৰত ষ্টীল আৰু গ্ৰামোন্নয়ণ ৰাজ্যিক মন্ত্ৰী ফাগ্গান সিং কুলাষ্টেয়ে আদৰণি জনায় ।

পঞ্চদশ ব্ৰিকছ সন্মিলনৰ পাছত ৫ জনীয়া ব্ৰিকছে (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা) আৰ্জেণ্টিনাৰ লগতে আন ৫ খন দেশৰ সৈতে মিত্ৰতাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায় । ভাৰতত আৰ্জেণ্টিনাৰ দূত হুগো জেভিয়েৰ গবীয়ে ব্ৰিকছৰ সম্প্ৰসাৰণত ভাৰতৰ ভূমিকাৰ প্ৰশংসা কৰি কয় যে ভাৰতৰ সমৰ্থন অবিহনে তেওঁৰ দেশৰ এই গোটত অন্তৰ্ভুক্তি সম্ভৱ নহ'লহেঁতেন ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে ভাৰত-আৰ্জেণ্টিনা সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ আৰু এণ্টাৰ্কটিক গৱেষণা আৰু সাংস্কৃতিক সহযোগিতাকে ধৰি ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাক সামৰি লয় । ভাৰত আৰু আৰ্জেণ্টিনাই মুখ্য আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ লগতে বিভিন্ন ৰাষ্ট্ৰসংঘ আৰু বহুপাক্ষিক সংস্থাৰ প্ৰতি ভাৰতৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত সদায় দুয়োখন দেশে সমৰ্থন কৰি আহিছে । বিশেষকৈ আৰ্জেণ্টিনাক ভাৰতৰ সমৰ্থনৰ লগতে মালভিনাছ দ্বীপপুঞ্জৰ সাৰ্বভৌমত্বৰ বিষয় আৰু শেহতীয়াকৈ সাৰ্বভৌম ঋণ পৰিশোধ আৰু হোল্ডআউট ঋণদাতাৰ বিষয়ত আৰ্জেণ্টিনাই সদায় ভাৰতক কৃতজ্ঞতা জনাই আহিছে ।

নতুনকৈ উদ্বোধন কৰা ভাৰত মণ্ডপমত জি-২০ নেতাৰ বৈঠকৰ আয়োজন কৰিবলৈ ভাৰত সম্পূৰ্ণ সাজু হৈছে । ভাৰতৰ সভাপতিত্বকালত প্ৰথমবাৰৰ বাবে জি-২০ বৈঠক অনুষ্ঠিত হৈছে । অনুষ্ঠানটো বিশ্বৰ বহু নেতা আৰু প্ৰতিনিধিৰ দ্বাৰা আকৰ্ষিত হ'ব ।

লগতে পঢ়ক :G20 Summit: সন্ধিয়া দিল্লী পাবহি মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেন, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details