নেশ্য়নেল ডেস্ক , ২৩ ডিচেম্বৰ :দেশৰ ভিন্ন প্ৰান্তত এতিয়া ও একাংশ বিদ্ৰোহী সংগঠনৰ কাৰ্যকলাপ অব্য়াহত আছে । সংগঠন সমূহক বাধা দিবলৈ আৰক্ষী বা আন প্ৰতিৰক্ষা সংস্থাসমূহৰো চেষ্ঠা অব্য়াহত আছে । তাৰ মাজতে মংগলবাৰে ঝাৰখণ্ডৰ নাগৰী থানাৰ ওচৰত হোৱা এক সংঘৰ্ষত ভাৰতৰ অন্য়তম নিষিদ্ধ সংগঠনপিপলছ্ লিবাৰেচন ফ্ৰন্ট অ্ব ইণ্ডিয়া চমুকৈ পিএলএফআইৰ এৰিয়া কমাণ্ডৰ পুনাই ওৰান নিহত হয় ।
ৰাঁচী গ্ৰাম্য়ৰ আৰক্ষী অধীক্ষক নৌসাদ আলমে জনোৱা মতে নিষিদ্ধ সংগঠন পিপলছ্ লিবাৰেচন ফ্ৰন্ট অ্ব ইণ্ডিয়া চমুকৈ পিএলএফআইৰ এৰিয়া কমাণ্ডৰ পুনাই ওৰান মংগলবাৰে সন্ধিয়া নিহত হৈছে । আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে যে নিষিদ্ধ সংগঠনটোৰ এৰিয়া কমাণ্ডৰজনে লগত ২ লাখ টকা লৈ আহিছিল ।