নিউজ ডেস্ক, 17 ডিচেম্বৰ : ৭ জানুৱাৰীৰ সংসদীয় নিৰ্বাচনৰ পিছত আমেৰিকাই বাংলাদেশত বিশৃংখলতা সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে বুলি ৰাছিয়াই অভিযোগ উত্থাপন কৰাৰ লগে লগে পূবৰ প্ৰতিবেশী দেশখনৰ স্থিতিশীলতাৰ বাবে ভাৰত চিন্তিত হৈ পৰিব পাৰে ৷
চলিত সপ্তাহৰ আৰম্ভণিতে প্ৰকাশ কৰা এক বিবৃতিত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই অভিযোগ কৰে যে “অনাগত সপ্তাহত বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে নিষেধাজ্ঞাকে ধৰি আৰু অধিক হেঁচা প্ৰয়োগ হ’ব পাৰে বুলি আশংকা কৰাৰ গুৰুতৰ কাৰণ আছে, যিটো পশ্চিমলৈ অবাঞ্চিত ৷”
জাখাৰোভাই কয়, “মূল উদ্যোগসমূহ আক্ৰমণৰ সন্মুখীন হ’ব পাৰে, লগতে কেইবাজনো বিষয়া যিসকলৰ ওপৰত 2024 চনৰ 7 জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনত নাগৰিকৰ গণতান্ত্ৰিক ইচ্ছাশক্তিত বাধা দিয়াৰ প্ৰমাণ নোহোৱাকৈ অভিযোগ উত্থাপন হ’ব ৷” তেওঁ আৰু কয় “যদি জনসাধাৰণৰ ইচ্ছাৰ ফলাফল আমেৰিকাৰ বাবে সন্তোষজনক নহয়, তেন্তে পৰিস্থিতি আৰু অধিক অস্থিৰ কৰাৰ চেষ্টা কৰিব পাৰে ৷"
আৰৱ বসন্তৰ অৰ্থ হৈছে 2010 চনৰ শেষৰ ফালে আৰম্ভ হোৱা আৰৱ বিশ্বত, মুখ্যতঃ মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সংঘটিত গণতন্ত্ৰ পন্থী বিদ্ৰোহ, প্ৰতিবাদ আৰু প্ৰদৰ্শনৰ এক ধাৰাবাহিকতা ৷ 2010 চনৰ ডিচেম্বৰত তিউনিছিয়াত প্ৰতিবাদৰ ঢৌ আৰম্ভ হৈছিল যাৰ ফলত 2011 চনৰ জানুৱাৰীত তিউনিছিয়াৰ দীৰ্ঘদিনীয়া ৰাষ্ট্ৰপতি জিনে এল আবেদিন বেন আলীক অৱশেষত উৎখাত কৰা হৈছিল ৷
তিউনিচিয়ান বিদ্ৰোহৰ সফলতাই আন আৰৱ দেশসমূহত একে ধৰণৰ আন্দোলনৰ বাবে অনুপ্ৰেৰণা হিচাপে কাম কৰিছিল ৷ ইজিপ্ত, লিবিয়া, য়েমেন, চিৰিয়া আৰু বাহৰেইনৰ দৰে দেশসমূহলৈ এই প্ৰতিবাদ দ্ৰুতগতিত বিয়পি পৰে ৷ এই সপ্তাহৰ আৰম্ভণিতে বিৰোধী বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি)ৰ দ্বাৰা আহ্বান কৰা অৱৰোধৰ কথা উল্লেখ কৰি, য'ত বাছ জ্বলাই দিয়া হৈছিল আৰু বিৰোধী ৰাজনৈতিক কৰ্মীসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষ কৰিছিল, জাখাৰোভাই কৈছিল যে ৰাছিয়াই "এই ঘটনাবোৰ আৰু ঢাকাত পশ্চিমীয়া কূটনৈতিক মিছনসমূহৰ প্ৰদাহজনক কাৰ্যকলাপৰ মাজত পোনপটীয়া সম্পৰ্ক দেখিছে ৷"
এই সন্দৰ্ভত তেওঁ বাংলাদেশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত পিটাৰ হাছৰ বক্তব্য আৰু কাৰ্যকলাপৰ এক বিশেষ উল্লেখ কৰে | "দুৰ্ভাগ্যবশতঃ, ৱাশ্বিংটনে জ্ঞান লাভ কৰি এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত আন এক বৃহৎ হস্তক্ষেপৰ পৰা বিৰত থকাৰ সম্ভাৱনা কম," জাখাৰোভাই কয় ৷ "অৱশ্যে আমি নিশ্চিত যে বাহ্যিক শক্তিৰ সকলো কৌশল স্বত্বেও বাংলাদেশত ক্ষমতাৰ বিষয়টো অৱশেষত এই দেশৰ বন্ধুত্বপূৰ্ণ লোকসকলে নিৰ্ণয় কৰিব, আৰু আন কাৰো দ্বাৰা নহয় ৷"
আমেৰিকাযুক্ত ৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাছিয়াৰ অভিযোগ ভাৰতৰ বাবে চিন্তাৰ কাৰণ হ'ব ৷ কাৰণ মস্কো আৰু ৱাশ্বিংটন দুয়োন তুন দিল্লীৰ ঘনিষ্ঠ মিত্ৰ ৷ ভাৰতে কৈছে যে বাংলাদেশৰ নিৰ্বাচন এটা আভ্যন্তৰীণ বিষয় ৷ অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰই বাংলাদেশৰ জনসাধাৰণৰ মাজত জনপ্ৰিয়তা হেৰুৱাইছে, কিয়নো ৱাশ্বিংটনে নিৰ্বাচনী প্ৰক্ৰিয়াত হস্তক্ষেপ কৰে ৷
বাংলাদেশত শাসকীয় আৱামি লীগৰ ব্যৱস্থাক যিটোৱে ক্ষুব্ধ কৰি তুলিছে সেয়া হৈছে নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমীয়া শক্তিসমূহে বিশেষকৈ আমেৰিকাৰ হস্তক্ষেপ অব্যাহত ৰখা ৷ চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকাই গণতান্ত্ৰিক নিৰ্বাচনী প্ৰক্ৰিয়াক ভেঙুচালি কৰা বুলি অভিহিত কৰা বাংলাদেশী বিষয়া আৰু ৰাজনৈতিক কৰ্মীসকলৰ ওপৰত ভিছাৰ নিষেধাজ্ঞা আৰোপ কৰিছিল ৷
নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ উদ্বেগ প্ৰকাশ কৰি বিএনপিয়ে নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে ৷ ন্যাৰ্যতা নিশ্চিত কৰিবলৈ বিৰোধীয়ে দাবী জনাইছে যে বৰ্তমানৰ চৰকাৰী পৰিচালিত নিৰ্বাচন আয়োগৰ পৰিৱৰ্তে নিৰপেক্ষ তত্ত্বাৱধায়ক চৰকাৰৰ অধীনত নিৰ্বাচন অনুষ্ঠিত কৰক ৷ নিৰ্বাচন অনুষ্ঠিত কৰাটো সাধাৰণতে সাৰ্বভৌম ৰাষ্ট্ৰৰ বাবে আভ্যন্তৰীণ বিষয় হিচাপে গণ্য কৰা হয় যদিও ঢাকাত এনেকুৱা হোৱা যেন নালাগে ৷
বাংলাদেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত পশ্চিমীয়া দেশসমূহ জড়িত হৈ পৰিছে, য’ত আমেৰিকাই আটাইতকৈ প্ৰকাশ্যভাৱে অংশগ্ৰহণ কৰিছে ৷ বাংলাদেশত মুক্ত আৰু নিকা নিৰ্বাচনৰ দাবীৰ সৈতে জড়িত অক্টোবৰ মাহত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাই উদ্বেগ প্ৰকাশ কৰি এই ঘটনাক “ৰাজনৈতিক হিংসা” বুলি গৰিহণা দিয়ে ৷