ইম্ফল,10 মাৰ্চঃম্যানমাৰৰ অনুপ্ৰৱেশকাৰীৰ ভাৰতত প্ৰৱেশ বন্ধ কৰাৰ উদ্দেশ্যে সোমবাৰে আছাম ৰাইফলছে মণিপুৰৰ সীমান্ত অঞ্চলত এক বৈঠকত মিলিত হয় ৷ অকল মণিপুৰৰে প্ৰায় 390 কিল'মিটাৰ ভাৰতীয় সীমান্তৰ অন্তৰ্গত ৷ কিন্তু সীমান্তৰ ভূমি বিবাদৰ পৰিপ্ৰেক্ষিতত তেংনৌপাল জিলাৰ মোৰেহ ছেক্টৰৰ আন্তৰাষ্ট্ৰীয় সীমান্তত 10 কিল’মিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণ আধাতে বন্ধ হৈ পৰে ৷
আছাম ৰাইফলছৰ ইঞ্চপেক্টৰ জেনেৰেল(দক্ষিণ)ৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত প্ৰকাশ পাইছে যে, উখৰুল জিলাৰ তুষম গাঁৱত সেনাৰ 19 নং ক্ষেত্ৰৰ তত্বাৱধানত গাঁৱৰ সুৰক্ষা বৈঠকখন অনুষ্ঠিত কৰা হয় ৷ ইয়াত আৰু উল্লেখ কৰা হয় যে, ম্যানমাৰত আং ছান চ্যু কীৰ চৰকাৰৰ পতনৰ পিছতেই সেনাই দেশখনৰ শাসনভাৰ গ্ৰহণৰ অচিলা লৈ ভাৰতত ম্যানমাৰ অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পাইছে ৷