ইন্টাৰনেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ:শেহতীয়াকৈ দেশখনত বিশেষকৈ চীনৰ Zhengzhou ‘আইফোন চিটি’ প্লাণ্টত(Zhengzhou iPhone City plant) প্ৰতিবাদৰ মাজতে এপলে চীনৰ বাহিৰলৈ উৎপাদন স্থানান্তৰ কৰাৰ পৰিকল্পনা ত্বৰান্বিত কৰিছে (Apple plans to shift production out of China)। প্ৰতিবাদৰ ফলত Appleয়ে নিজৰ উৎপাদন এছিয়াৰ অন্য ঠাইলৈ, বিশেষকৈ ভাৰত আৰু ভিয়েটনামলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰিবলৈ বাধ্য হয় (Assembling Apple product elsewhere in Asia)।
ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি এপলে Foxconn টেকন’লজি গ্ৰুপৰ নেতৃত্বত টাইৱানৰ এছেম্বলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বিচাৰিছে(factory run by Foxconn to make iPhones) ।
ANIয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চীনৰ Zhengzhouত Foxconnয়ে আইফোন আৰু এপলৰ অন্যান্য সামগ্ৰী নিৰ্মাণৰ বাবে পৰিচালিত এটা কাৰখানাত প্ৰায় ৩ লাখ শ্ৰমিকক নিয়োগ কৰা হৈছে (Zhengzhou iPhone City plant) । বজাৰ গৱেষণা সংস্থা কাউণ্টাৰপইণ্ট ৰিচাৰ্চৰ মতে, এটা সময়ত কেৱল Zhengzhouয়ে আইফোনৰ প্ৰ’ লাইনআপৰ প্ৰায় ৮৫ শতাংশ লাভ কৰিছিল ।
অৱশ্যে, এপলে কেতিয়া আৰু কিমান দিনলৈ নিজৰ এই চেন্টাৰক স্থানান্তৰিত কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । এপলৰ এই ফেচিলিটি চেণ্টাৰত প্ৰায় ৩,০০,০০০ কৰ্মচাৰীয়ে কাম কৰাৰ লগতে iPhone Proৰ ৮৫ শতাংশ কৰ্মচাৰীয়েই ইয়াত কৰ্মৰত ।