নতুন দিল্লী,25 নৱেম্বৰ:কোভিড 19 ৰ প্ৰতিষেধক বজাৰত মুকলি হোৱাৰ পিছতে বিভিন্ন চিকিৎসালয়, ক্লিনিক, স্বাস্থ্য কেন্দ্ৰ, ফাৰ্মাচী আৰু এপ’ল’ 24/7 ৰ মাধ্যমেৰে সমগ্ৰ দেশতে এক লাখ প্ৰতিষেধক প্ৰদান কৰিবলৈ সাজু বুলি ঘোষণা কৰে ৷ কোভিড 19 প্ৰতিষেধক পৰৱৰ্তী 60-120 দিনৰ ভিতৰত মুকলি হোৱাৰ আশা প্ৰকাশ কৰিছে এপ’ল’ কৰ্তৃপক্ষই ৷ এক সমীক্ষাৰ দ্বাৰা এপ’ল’ কৰ্তৃপক্ষই মানুহৰ পৰা মতামত সংগ্ৰহ কৰি এই প্ৰতিষেধক লোৱা-নোলোৱা সম্পৰ্কত পঞ্জীয়ন কৰা আৰম্ভ কৰিছে ৷
উক্ত সমীক্ষাটোত "আপুনি কোভিড 19 প্ৰতিষেধক গ্ৰহণ কৰাত আগ্ৰহী নে? কিমান সময়ৰ ভিতৰত আপুনি এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আগ্ৰহী" বুলি প্ৰশ্ন সোধা হৈছিল ৷